কৈ থাকো মানে ওৰকে নপৰে অসম আৰক্ষীৰ কথা ! এবাৰ, দুবাৰ নহয় ৮ বাৰকৈ গাঞ্জা কঢ়িয়াই জব্দ কৰা ট্ৰাক ভস্মিভূত আৰক্ষী থানাত…

কৈ থাকো মানে ওৰকে নপৰে অসম আৰক্ষীৰ কথা ! এবাৰ, দুবাৰ নহয় ৮ বাৰকৈ গাঞ্জা কঢ়িয়াই জব্দ কৰা ট্ৰাক ভস্মিভূত আৰক্ষী থানাত…

author-image
asomiyapratidin
New Update
কৈ থাকো মানে ওৰকে নপৰে অসম আৰক্ষীৰ কথা ! এবাৰ, দুবাৰ নহয় ৮ বাৰকৈ গাঞ্জা কঢ়িয়াই জব্দ কৰা ট্ৰাক ভস্মিভূত আৰক্ষী থানাত…

ডিজিটেল ডেস্কঃ শেষ হোৱাৰ কোনো লক্ষণ নাই অসম আৰক্ষীৰ বিতৰ্ক ! এটাৰ পিছত আন এটা বিতৰ্কৰে চৰ্চাৰ শীৰ্ষত থকা অসম আৰক্ষী কৰ্ম কাণ্ডই আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে। এইবাৰ এনকাউণ্টাৰ অথবা কাৰোবাক গ্ৰেপ্তাৰ কৰি নহয়, এখন বাহন সুৰক্ষা দিব নোৱাৰাৰ বাবেহে চৰ্চা লাভ কৰিছে।

Advertisment

দেওবাৰে গোসাঁইগাঁৱৰ শিমলুটাপু আৰক্ষীয়ে ৰাষ্ট্রীয় ঘাইপথত অভিযান চলাই এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৮১৫ কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এই গাঞ্জাখিনিৰ আনুমানিক মূল্য প্ৰায় ১ কোটি টকা বুলি আৰক্ষীয়ে সদৰী কৰিছিল।

গাঞ্জা জব্দ কৰাৰ পিছতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক ৰাম বিশ্বাস আৰু হেণ্ডিমেন পিণ্টু মিশ্ৰক আটক কৰি ট্ৰাকখন জব্দ কৰিছিল। কিন্তু আৰক্ষীয়ে জব্দ কৰা এই ট্ৰাকখন নিশা হঠাত জ্বলি উঠে। কোনো দুৰ্বৃত্তই এই ট্ৰাকখনত অগ্নি সংযোগ কৰে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল এনেধৰণৰ ঘটনা এই আৰক্ষী থানাখনত এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও সংঘটিত হৈছে এনে ঘটনা। এবাৰ, দুবাৰ নহয় মুঠ ৮ বাৰকৈ আৰক্ষীয়ে গাঞ্জা তথা নিষিদ্ধ দ্ৰব্য কঢ়িয়াই অনা ট্ৰাক জব্দ কৰাৰ পিছতে নিশা জ্বলি উঠে। জ্বলি উঠা এই ট্ৰাকখনৰ নম্বৰ HR 55 R 5137।

এইদৰে এটাৰ পিছত আন এটাকৈ মুঠ ৮ টা ঘটনা সংঘটিত হোৱা আৰক্ষী থানাখনৰ আৰক্ষীৰ ভূমিকাৰ ওপৰতে এতিয়া সন্দেহ সৃষ্টি হৈছে স্থানীয় লোকৰ। নিশা এইদৰে ট্ৰাক জ্বলি উঠাৰ আঁৰত আৰক্ষীৰ কোনো লোকৰে হাত আছে বুলিও সন্দেহ কৰিছে স্থানীয় লোকসকলে।