ত্ৰিপুৰাৰ ৰবৰ খেতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ, অসমৰ যুৱক বুলি সন্দেহ

ত্ৰিপুৰাৰ ৰবৰ খেতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ, অসমৰ যুৱক বুলি সন্দেহ

author-image
asomiyapratidin
New Update
ত্ৰিপুৰাৰ ৰবৰ খেতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ, অসমৰ যুৱক বুলি সন্দেহ

ডিজিটেল সংবাদ, আগৰতলাঃ ত্ৰিপুৰাৰ দমদমাৰ হেলিপেড এলেকাত আজি ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল এটি মৃতদেহ। অঞ্চলটোত থকা এখন ৰবৰ খেতিত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃতদেহটো গছত ফাঁচী দিয়া অৱস্থাত উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি অচিনাক্ত মৃতদেহটোৰ চিনাকীকৰণৰ বাবে এছ ডি হাস্পতালৰ মৰ্গলৈ পঠিওৱা হৈছে। এই লোকজন অসমৰ বুলি সন্দেহ কৰা হৈছে।

কোনো সদাশয় লোকে এই লোকজনক চিনি পালে ত্ৰিপুৰাৰ ছাবৰুম থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে যোগাযোগৰ নম্বৰ ৯০৫১৯-২১৫০১ আৰু ৭৯৮০১-৬৬৭৩৩ ।