/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7225713a-c12c-4a99-9a6c-ddd0932347c0/99d78727_b83c_491e_ac81_d1110a75943f.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ: সোমবাৰে মথুৰাপুৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ৩গৰাকী ছাত্ৰৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
উল্লেখ্য যে যোৱা ১জুনত মথুৰাপুৰ গেছ কোম্পানী তিনিআলিত সংঘটিত হৈছিল ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছিল মথুৰাপুৰৰ তিনজন ছাত্ৰ।
পথ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাবটি লোৱা ৩ছাত্ৰ হৈছে- অংগসৌষ্ঠৱ বৰগোহাঁই, দীপ মূড়া আৰু মানৱ বাউৰী। এই তিনিওগৰাকী ছাত্ৰৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া মথুৰাপুৰ সদৰ তিনিআলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আয়োজন কৰে বুলি উদ্যোক্তাই জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ec1162b8-4c11-4515-8ed6-ee4ff91b862c/4566d6cb-ec1d-42af-bfcc-96eb7b28ee0b.jpg)
মথুৰাপুৰ অঞ্চলৰ বিভিন্নজন ব্যক্তিৰ উপস্থিতিত আয়োজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে ছাত্ৰনেতা বাসুদেৱ কুমাৰে। স্থানীয় সাংবাদিক প্ৰণৱ বৰগোহাঁয়ে বন্তি প্ৰজ্বলন কৰে।
অনুষ্ঠানটিত স্থানীয় ব্যৱসায়ীসকলৰ উপৰি ইছলাম আহমেদ, সীমন্ত গগৈ, কেশৱ বৰফুকন উপস্থিত থাকি অঞ্চলটোত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সচেতন হোৱাৰ লগতে এনে কৰুণ ঘটনা পুনৰাবৃত্তি নহ'বলৈ সকলোৱে প্ৰাৰ্থনা জনায় ।
Also Read: ভোটগণনাৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত প্ৰস্তুতি সম্পূৰ্ণ...