প্ৰিয়তম শিল্পীক হেৰুৱাই মৰ্মাহত প্ৰৱাসী অসমীয়া...

মহান শিল্পী গৰাকীৰ আকস্মিক বিয়োগত মৰ্মাহত দক্ষিণ আফ্ৰিকাৰ প্ৰৱাসী অসমীয়া সকল। জুবিন গাৰ্গৰ বিয়োগ অসম তথা অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি....

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,দক্ষিণ আফ্ৰিকাঃ   দক্ষিণ আফ্ৰিকাৰ অসম এছ’চিয়েচন তথা অসম সাহিত্য সভাৰ ৰামধেনু শাখাৰ সৌজন্যত দক্ষিণ আফ্ৰিকাৰ প্ৰৱাসী অসমীয়া সমাজ একত্ৰিত হৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মহান শিল্পী গৰাকীৰ আকস্মিক বিয়োগত মৰ্মাহত দক্ষিণ আফ্ৰিকাৰ প্ৰৱাসী অসমীয়া সকল। জুবিন গাৰ্গৰ বিয়োগ অসম তথা অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অনুভৱ কৰি অসম এছ’চিয়েচনৰ লগতে সাহিত‍্য সভাৰ ৰামধেনু শাখাৰ সদস্যসকলে মিলিত হৈ তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।

উপস্থিত সকলোৱে জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত দক্ষিণ আফ্ৰিকাৰ পৰা ৰামধেনু শাখা অসম সাহিতা সভাৰ সম্পাদক প্ৰিয়ংকা দস্তিদাৰ ফুকনে অসম সাহিত‍্য সভা বিদেশ মৈত্ৰী বন্ধন উপ-সমিতিৰ কাৰ্য‍্যকৰী সভাপতি ৰুমা হাজৰিকাক জানিব দিয়ে।

জুবিন গাৰ্গ গৰিমা গাৰ্গ