'জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ উচিত তদন্ত হওঁক'

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে চেল্যুট ত্ৰিৰংগা, অসম প্ৰদেশৰ উদ্যোগত এক অনুষ্ঠান অনুষ্ঠিত হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুকুৰবাৰে অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হয়।

author-image
সংগীতা দাস
New Update
web ap 1

ডিজিটেল ডেস্ক: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে চেল্যুট ত্ৰিৰংগা, অসম প্ৰদেশৰ উদ্যোগত এক অনুষ্ঠান অনুষ্ঠিত হয়। 

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুকুৰবাৰে অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজিক মহিলা মর্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয়, অসম গৌৰৱ বঁটা প্ৰাপ্তক ‘শ্মশান বন্ধু’ খ্যাত ধৃতিমালা ডেকা, দীপ্তি দয়াল খাউন্ডকে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অসমৰ প্ৰতিজন ব্যক্তিৰে আপোন শিল্পীজনক অগণনজনে এই অনুষ্ঠানত শ্ৰদ্ধা তৰ্পন কৰে। আনহাতে, অনুষ্ঠানত উপস্থিত থাকি চেল্যুট ত্ৰিৰংগা, অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাই জুবিন গাৰ্গৰ আত্মাৰ শান্তি আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে কয়, ' জুবিন গাৰ্গৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ অনাকাংক্ষিত মৃত্যুৰ উচিত তদন্ত হওঁক। দোষীয়ে শাস্তি পাওঁক।'