/asomiyapratidin/media/media_files/2025/11/07/1-2025-11-07-17-36-26.jpg)
ডিজিটেল সংবাদ,গহপুৰ: গহপুৰ সমজিলাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালিকা সদ্য প্ৰয়াত ৰূপৰেখা বৰাৰ প্ৰতি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ই।
গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সভাপতি পল্লৱ বৰা আৰু সাধাৰণ সম্পাদক বিপ্লৱ নেওগৰ নেতৃত্বত যোৱা এটি প্ৰতিনিধি দলে প্ৰয়াত ৰূপৰেখা বৰাৰ বৰঙাবাৰীৰ ঘৰত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
তদুপৰি তেওঁৰ স্বামী তথা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু তেওঁৰ পৰিয়ালৰ হাতত এটি শোক বাণী প্ৰদান কৰে গহপুৰ মহকুমা সাংবাদিক সন্থাই। ৰূপৰেখা বৰাৰ অকাল বিয়োগত গহপুৰ মহকুমা সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালটোৰ দুখৰ সমভাগী হোৱা বুলি উল্লেখ কৰা হয়।
উক্ত কাৰ্য্যসূচীত গহপুৰ মহকুমা সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা ভুৱন শইকীয়া, উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, কাৰ্য্যকৰী সভাপতি ৰমেন বৰা,উপ সভাপতি নিতুল বৰা,দ্বীপন দিহিঙীয়া, সাংগঠনিক সম্পাদক উৎপল নেওগ আৰু কাৰ্য্যকৰী সদস্য বিশ্ব দাসৰ উপৰিও বিশিষ্ট শিক্ষাবিদ জগদীশ শৰ্মা, দীনেশ কুমাৰ কেচি, বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা উপস্থিত থাকে।
উল্লেখযোগ্য যে, গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ আই চিউত চিকিৎসাধীন অৱস্থাত সকলোকে শোকৰ সাগৰত বুৰাই যোৱা ৪ নবেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল ৰূপৰেখা বৰাই।মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক,বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক ক্ষেত্ৰৰে জড়িত যাদৱ চলিহাৰ সহধৰ্মিনী ৰূপৰেখা বৰাৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰে গহপুৰ সমজিলাত।
এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত দীৰ্ঘদিনৰে পৰা তেওঁক ব্যয়বহুল চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ'ল তেওঁৰ জীৱন।জীৱনৰ সুদীৰ্ঘ দিন শৈক্ষিক সেৱাৰে জড়িত হৈ অহা মৃদুভাষী ৰূপৰেখা বৰা আছিল সকলোৰে প্ৰিয়ভাজন।
অধ্যয়নৰ প্ৰতি অধিক ৰাপ থকা ৰূপৰেখা বৰাই নিজকে এগৰাকী আদৰ্শ মাতৃ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।লেখা মেলাতো যথেষ্ট ৰাপ থকা ৰূপৰেখা বৰা এগৰাকী সুলেখিকা আৰু কবি হিচাপেও প্ৰতিষ্ঠিত আছিল।ৰূপৰেখা বৰাৰ অকাল বিয়োগৰ পিছত কম বয়সতেই মাতৃ হাৰা হ'বলগীয়া হ'ল তেওঁৰ দুই পুত্ৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us