এলাগী হৈছে গুৱাহাটী!

প্ৰতীকি ফটো
প্ৰতীকি ফটো

গুৱাহাটী মহানগৰীৰ সৈতে এতিয়া ৰাজ্যৰ আন জিলাসমূহে সম্পৰ্ক ছেদ কৰিছে।কোভিড-১৯ৰ বাবেই ইখনৰ পাছত সিখন জিলাই গুৱাহাটীৰ পৰা কোনো লোক এই সংশ্লিষ্ট জিলালৈ যোৱাতো বাৰণ কৰিছে। তিনিচুকীয়া, যোৰহাট, নগাঁও, মৰিগাওঁকে ধৰি কেইবাখনো জিলাই কোৰোনা পৰিস্থিতিৰ বাবে এনে সিদ্ধান্ত লৈছে।

নগাঁও জিলা প্রশাসনেও গুৱাহাটীৰ পৰা নগাঁৱলৈ যাতায়ত বন্ধ কৰি দিছে। এই সন্দৰ্ভত নগাঁও জিলা কৰ্তৃপক্ষই এক জাননী জাৰি কৰিছে। এই জাননীত জনস্বাস্থ্য আৰু কোৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত লোৱা বুলি দিছে।ডিজেজষ্টাৰ মেনেজমেন্ট এক্ট, ২০০৫ৰ ৩৪ নং ধাৰা অনুসৰি এই জাননী জাৰি কৰিছে নগাঁও প্ৰশাসনে।

যদি কোনো লোক গুৱাহাটীৰ পৰা নগাঁৱলৈ আহে তেনেহ'লে ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইনত থাকিব লাগিব। কামৰূপ মহানগৰৰ পৰা যোৱা কোনো লোকৰ কোভিড সদৃশ লক্ষণ দেখা পালে তেওঁলোকক ১০৪ত ফোন কৰিব কোৱা হৈছে। এই নিৰ্দেশত চৰকাৰী লোককো পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নগাঁৱলৈ যাবলৈ বাধা দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in