বানপানীৰ প্ৰভাৱ পৰিছে ৰে’ল চলাচলত, সলনি কৰা হৈছে দূৰণিবটীয়া ৰে’লৰ যাত্ৰাসূচী

বানপানীৰ প্ৰভাৱ পৰিছে ৰে’ল চলাচলত, সলনি কৰা হৈছে দূৰণিবটীয়া ৰে’লৰ যাত্ৰাসূচী

author-image
asomiyapratidin
New Update
বানপানীৰ প্ৰভাৱ পৰিছে ৰে’ল চলাচলত, সলনি কৰা হৈছে দূৰণিবটীয়া ৰে’লৰ যাত্ৰাসূচী

  • বৰষুণৰ বাবে কোচ বিহাৰ আৰু নিউ বঙাইগাওঁ ষ্টেচনৰ মাজত ৰে'ল চলাচলত অসুবিধা।
  • জুৰাই-কামাখ্যাগুৰি ষ্টেচনৰ মাজত ১৯৫ নম্বৰ দলঙেৰে ৰে'ল চলাচলত অসুবিধা।
  • দুটা ৰে'লপথৰ পৰিৱৰ্তে বৰ্তমান এটা পথেৰে চলিছে ৰে'ল।
  • বুধবাৰৰ পুৱতি নিশা ৩.২৫ বজাৰ পৰা সৃষ্টি হৈছে এই পৰিৱেশৰ।
  • বহুকেইখন ৰে'ল চলাচলৰ বাবে ঘোষণা কৰা হৈছে নতুন সময়।
  • বৰ্তমান কনভয়সহ একে দিশেৰে যাব নিম্নোলিখিত ৰে'লসমূহ।
  • নামনিমুৱা ৰে'লঃ
  • ১৫৯৩৩ নম্বৰ ডিব্ৰুগড়-চণ্ডিগড় এক্সপ্ৰেছ নিউ বঙাইগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছে পুৱা ৬.৪৫বজাৰ পৰা।
  • ১৫৭৭০ নম্বৰৰ লামডিঙ-আলিপুৰদুৱাৰ ইন্টাৰচিটি এক্সপ্ৰেছ মঙলবাৰৰ পৰা ৰৈ থকাৰ পিছত বুধবাৰে ৬.৫১ বজাত যাত্ৰা আৰম্ভ কৰিছে।
  • ১৩১৭৪ নম্বৰ আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছে বঙাইগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ৯.১৫ বজাত।
  • ইফালে ৰাজধানী এক্সপ্ৰেছে বৰপেটাৰোড এৰিছে ৯.১৫ বজাত।
  • কামৰূপ এক্সপ্ৰেছে ৮.৫০ বজাত এৰিছে ৰঙিয়া।
  • ৭.৫৭ বজাত অভয়াপুৰি এৰিছে কেপিটেল এক্সপ্ৰেছে।
  • উজনিমুৱা ৰে'লঃ
  • লামডিঙ-আলিপুৰদুৱাৰ ইন্টাৰচিটি এক্সপ্ৰেছে পুৱা ৪.২০ বজাত যাত্ৰা আৰম্ভ কৰিছে শামুকতলাৰ পৰা।
  • গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ পুৱা ৫.২৩ বজাত এৰিছে আলিপুৰদুৱাৰ।
  • গয়া-কামাখ্যা এক্সপ্ৰেছে পুৱা ৭.৫ বজাত পুন্দিবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে।
  • আনন্দবিহাৰ-নাহৰলগুণ এক্সপ্ৰেছ গোসাইগাঁও হাটৰ পৰা যাত্ৰা আৰম্ভ কৰিছে পুৱা ৮.১০ বজাত।
  • ইফালে নিউ কোচ বিহাৰৰ পৰা নিউ বঙাইগাঁৱলৈ ষ্টপেজ নথকা সকলো ৰে'লে যাত্ৰা কৰিব ধুবুৰী হৈ।