গৰৈমাৰীৰ চাম্পুপাৰাৰ কলহী নৈত পৰম্পৰাগত নাওখেল সম্পন্ন…

গৰৈমাৰীৰ চাম্পুপাৰাৰ কলহী নৈত পৰম্পৰাগত নাওখেল সম্পন্ন…

author-image
asomiyapratidin
New Update
গৰৈমাৰীৰ চাম্পুপাৰাৰ কলহী নৈত পৰম্পৰাগত নাওখেল সম্পন্ন…

ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰাৰ কলহী নৈত দুদিনীয়াকৈ অনুষ্ঠিত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতাৰ দেওবাৰে বিয়লি সফল সমাৰণি পৰে৷ জানিব পৰামতে চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত এই নাওখেল প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জলপৰী, ৰাজমাতা, ৰাজ মুকুট, জয় জননী, ডি এম এক্সপ্ৰেছ, মা আয়মনা, ৰাইজৰ আশীৰ্বাদ, মা মাৰুফা নামৰ মুঠ ৮ টা দলে অংশ গ্ৰহণ কৰে৷

Advertisment

উল্লেখযোগ্য যে দুয়োদিনকৈ অনুষ্ঠিত কলহী নৈৰ দুয়োপাৰে হেজাৰ হেজাৰ নাওখেলপ্ৰেমীয়ে খেল উপভোগ কৰে৷ স্মাৰ্তব্য যে নাওখেলখন কালি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যাপক আয়নুল হক চৌধুৰী, অঞ্চলটোৰ উদীয়মান যুৱক জয়দৰ আলীয়ে৷ উল্লেখ্য যে প্ৰতিযোগিতাত 'ৰাজমাতা' নাওখনে প্ৰথম পুৰস্কাৰ দখল কৰাৰ লগতে 'ৰাজ মুকুটে' দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে 'ডি এম এক্সপ্ৰেছ' নামৰ নাওখনে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

আনহাতে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ তথা প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডাঃ কমলা কলিতাই বিজয়ী দলক বঁটাৰ লগতে পুৰস্কাৰ প্ৰদান কৰে৷ অনুষ্ঠানত আব্দুৰ ৰহমান, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাব, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷