/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/silpukhuri-shopping-corner-silphukhri-guwahati-departmental-stores-17mq1yoz6k.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰৰে পৰা গুৱাহাটীত খোলা হব গেলা মালৰ দোকানসমূহ। ৬ জুলাইৰ পৰা ১০ জুলাইলৈকে গুৱাহাটীত অকলশৰীয়াকৈ থকা গেলামালৰ দোকানসমূহ খুলিব পাৰিব। অৱশ্যে ১১ বজাৰ পৰা ৪ বজালৈকেহে খুলিব পাৰিব দোকান।
এই কথা ৪ জুলাইত ঘোষণা কৰা লকডাউনৰ নিৰ্দেশনাৰ সংশোধন কৰি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই নতুনকৈ জাৰি কৰা নিৰ্দেশনাত সন্নিবিষ্ট কৰিছে এই কথা। অৱশ্যে গ্ৰাহক আৰু দোকানীয়ে সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে হেণ্ড গ্লোভছ পৰিধান কৰিব লাগিব।
ইফালে সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু নাটনি হ'লে তাৰ বাবে জগৰীয়া হ'ব দোকানৰ গৰাকীৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগ। আনহাতে দেওবাৰ আৰু মঙলবাৰে পাইকাৰী বিক্ৰেতাসকলে খুচুৰা বিক্ৰেতাসকলক দুপৰীয়াৰ ১২ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত সামগ্ৰী বিক্ৰী কৰিব পাৰিব।
ইফালে সোমবাৰ আৰু বুধবাৰে ঘৰে ঘৰে ফলমূল আৰু পাচলি বিক্ৰী কৰিব পাৰিব বিক্ৰেতাসকলে। অৱশ্যে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজাৰ ভিতৰত সামগ্ৰী বিক্ৰী কৰি শেষ কৰিব লাগিব। তাৰ পিছত আৰু কোনো বিক্ৰেতাই সামগ্ৰী বিক্ৰী কৰিবলৈ যাব নোৱাৰিব।
উল্লেখ্য যে, লকডাউনৰ এই সময়চোৱাত ৰাজপথত ফলমূল আৰু শাক-পাচলিৰ বিক্ৰী কৰিব নোৱাৰিব কোনো লোকে। ঠিক তেনেদৰে আন আন ক্ষেত্ৰত ১২ জুলাইলৈকে গুৱাহাটীত লকডাউন ঘোষণা কৰাৰ সময়ত যিসমূহ নীতি-নিয়ম বলবৎ কৰা হৈছিল সেয়া একেই থাকিব। নতুনকৈ লকডাউন শিথিল কৰি বলবৎ কৰা নিৰ্দেশনা কোনো লোকে অমান্য কৰিলে তেওঁ শাস্তিৰ সন্মুখীন হ'ব।