ডিজিটেল ডেস্ক : “মৃত্যু সাৱটি সমাধি তলিত / অকলে আছোঁহি শুই / এতিয়া পুনৰ আহিছা কিয় / জ্বলাব কলিজাৰ জুই / মৰণ পৰতো আছিলোঁ দেখোন / তোমাৰ বাটকে চাই…।“
আজি জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি। ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ দিনটোতে অসমৰ সংস্কৃতিৰ পথাৰ উকা কৰি চিৰদিনৰ বাবে গুচি গৈছিল এটি উজ্জ্বল নক্ষত্ৰ। শোক-তাপে ম্ৰিয়মান হৈ পৰিছিল অসমৰ সাংস্কৃতিক জগতৰ লগতে বিভিন্ন ক্ষেত্ৰ।
ৰাণাদা নামেৰে জনপ্ৰিয় হোৱা জয়ন্ত হাজৰিকাৰ গীত-মাতে শ্ৰোতাক দিছিল অনন্য আমোদ। শ্ৰাব্যমধুৰ আছিল তেঁওৰ প্ৰতিটো গীত। তেখেতৰ কণ্ঠত নিগৰা সেই গীতবোৰে আজিও নতুন প্ৰজন্মক উদ্ভাষিত কৰে। ন ন সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগায়।
উল্লেখযোগ্য যে তেখেত আছিল একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক। ৬০ৰ দশকতে অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰিছিল জয়ন্ত হাজৰিকাই।
বিৰল প্ৰতিভাৰ আকৰ জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল। তেঁওৰ সংগীতত অসমীয়া লোকসংগীতৰ উপৰি হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেজ আদি সংমিশ্ৰণ দেখা যায়। যিয়ে প্ৰতিটো স্তৰৰ শ্ৰোতাক ভিন ভিন স্বাদ দিব পাৰিছিল।