ইবাঁকু বিচ্চূঃ আজি দেউৰী সকলৰ বহাগ বিহু...

ইবাঁকু বিচ্চূঃ আজি দেউৰী সকলৰ বহাগ বিহু...

ডিজিটেল ডেস্কঃ  অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী সকলৰ আজি বহাগ বিহু অৰ্থাৎ ইবাঁকু বিচ্চূ।পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৰ লোক সকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু পালন কৰে। বুধবাৰে দেওশালত পূজা-অৰ্চনা কৰি সন্ধিয়াৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে ওৰেৰাতি যুৱক-যুৱতী সকলে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত বোকা বিহু মাৰি আনন্দত মতলীয়া হয় ।

বৃহস্পতিবাৰে বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে ।আনহাতে মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে । বিগত দুটা বৰ্ষত ক'ৰোণা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে অনুষ্টুপীয়া বিহু উদযাপন কৰিছিল যদিও এইবাৰ অতি উলহ-মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিব জনগোষ্ঠীটোৰ লোক সকলে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জোনাইৰ লুহিজান মাজগাঁৱতো আজি পুৱাৰে পৰা দেউৰী ৰাইজৰ মাজত দেখা গৈছে বোকা বিহুৰ এক উৎসৱমুখৰ পৰিৱেশ ৷ বুধবাৰে নিশা দেউৰী জনগোষ্ঠীৰ পৰম্পৰাৰ ৰীতি-নীতি অনুসৰি বিহু আৰম্ভ কৰাৰ পিচতে আজি পুৱাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰৰ চোতালত ডেকা-গাভৰু,বোৱাৰী-শিশুকে ধৰি সকলোৱে বোকা বিহুৰে ইজনে-সিজনক বোকা সানি বিহুৰ শুভেচ্ছা জনাইছে । লহৰীয়া আবৰবৰ গাই নাচি দেউৰী জনগোষ্ঠীৰ প্ৰাণৰ ব'হাগ বিহুটি পালন কৰি আনন্দত আত্মহাৰা হৈ পৰিছে ৷

ইফালে, ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ বৰদেউৰী, মাজৰচাপৰি , কিনাপথাৰ , পিছলা দেউৰী গাঁও,জয়পুৰ-পিছলা দেউৰী গাঁও,লংকাপুৰ,কাচিকতা,পিঠাগুৰি দেউৰী গাঁওকে ধৰি দেউৰী অধ্যুষিত এলেকাসমূহত এই বিহু উলহ-মালহেৰে উদযাপন কৰিছে হেঁপাহৰ বহাগ বিহু।ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিবেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in