Published on:
Updated on:
- বিধানসভাত অবৈধ কয়লাৰ প্ৰসংগ। দৈনিক কোটি কোটি টকাৰ অবৈধ কয়লা সৰবৰাহ হয় ৰাজ্যত।
- কয়লা ছিণ্ডিকেটৰ তদন্তৰ ভাৰ CBIক দিয়াৰ দাবী অগপ বিধায়কৰ।
- ছিণ্ডিকেটৰ তথ্য নাই বুলি দিয়া চৰকাৰৰ উত্তৰত জাঙুৰ খাই উঠিল শাসক পক্ষৰ বিধায়ক অতুল বৰা।
- চৰকাৰে কিয় ব্যবস্থা নলয় বুলি সদনত প্ৰশ্ন অতুল বৰাৰ।
- গোৱালপাৰা, কৰিমগঞ্জতো ছিণ্ডিকেট চলি থকাৰ দাবী কংগ্ৰেছৰ বিধায়কসকলৰ।
- CIDৰ তদন্ত প্ৰতিবেদন সদনত দাখিল কৰাৰ প্ৰস্তাৱ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ।
- দিছপুৰৰ আশীৰ্বাদতে ৰাজ্যত চলিছে কয়লাৰ ছিণ্ডিকেট।
- ভুৱা মালিক সন্থা বনাই দিছপুৰক মেনেজ কৰি ছিণ্ডিকেট চলাইছে অসাধু ব্যৱসায়ীয়ে।
- বিধানসভাত এই অভিযোগ বিধায়ক আবুল কালাম ৰছিদ আলমৰ।
- গোৱালপাৰাত অবাধে চলিছে কয়লা ছিণ্ডিকেট।
- প্ৰাক্তন কংগ্ৰেছী, এতিয়াৰ বিজেপি নেতাই ছিণ্ডিকেট চলোৱাৰ অভিযোগ।
- সময়ত সকলো তথ্য–প্ৰমাণ দিম বুলিও মন্তব্য বিধায়কজনৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in