আজি তিৱা সকলৰ মাঘ বিহু, পুৱাই জাল, পল লৈ শ শ লোক নামিল বুকলুঙত

আজি তিৱা সকলৰ মাঘ বিহু, পুৱাই জাল, পল লৈ শ শ লোক নামিল বুকলুঙত

author-image
asomiyapratidin
New Update
আজি তিৱা সকলৰ মাঘ বিহু, পুৱাই জাল, পল লৈ শ শ লোক নামিল বুকলুঙত

ডিজিটেল সংবাদ, কামপুৰঃ আজি মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোক সকলৰ মাঘ বিহু। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো বুধবাৰে মাঘ বিহু পালন কৰে। তিৱা সকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্যেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠিয়াতলিৰ লগতে লংজাপ অঞ্চলৰ তিৱা সকলৰ মাজত চলিছে ব্যাপক আয়োজন।

Advertisment

প্ৰতি বছৰে তিৱা সকলে ভোগালী বিহুৰ দিনা কঠিয়াতলি বুকলুঙত পৰম্পৰা অনুযায়ী মধ্যে অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা আছে। ব্যতিক্ৰম নহ'ল এইবাৰো। বিহুৰ দিনাখন পুৱাই হাতে হাতে জাকৈ, জাল, পল আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে বুকলুঙত নামি সমূহীয়াকৈ মাছ ধৰে তিৱা সম্প্ৰদায়ৰ লোকসকলে।