১৫ দিন ধৰি নিৰুদ্দেশ তিতাবৰৰ এজন যুৱক...

যোৰহাট জিলাৰ তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাৰ অঞ্চলৰ বেকাজান গোহাঁই গাঁৱৰ এজন যুৱক নিৰুদ্দেশ

author-image
Asomiya Pratidin
New Update
১৫ দিন ধৰি নিৰুদ্দেশ তিতাবৰৰ এজন যুৱক...

ডিজিটেল সংবাদ, বেকাজান : যোৰহাট জিলাৰ তিতাবৰ মহকুমা অন্তৰ্গত বৰহোলাৰ অঞ্চলৰ বেকাজান গোহাঁই গাঁৱৰ এজন যুৱক নিৰুদ্দেশ ।যুৱকজনৰ নাম ললিত দাস।

Advertisment

প্ৰায় ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে যুৱকজন।পৰিয়ালৰ লোকে বিছাৰিছে যদিও বৰ্তমানে কোনো সম্ভেদ পোৱা নাই ।স্থানীয় আৰক্ষী চকীত অৱগত কৰিছে যদিও কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ পৰিয়ালৰ ।

পিতৃ-মাতৃহীন ললিত দাস মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক।তেওঁৰ ভাতৃ দিগন্ত দাসো এজন মানসিক ৰোগী ।

তেওঁলোকৰ একমাত্ৰ বায়েক মিনাক্ষী বৰাই চৰকাৰ তথা প্ৰশাসনক অলপ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে । কোনোবা যদি সদাশয় ব্যক্তিয়ে ললিত দাসক প্ৰত্যক্ষ কৰে তেন্তে ৯৩৯৪৯৪৩২৩৩ বা ৮০১১৪৪৮১৮৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে ।

Assam police