শিশু আলোচনী মৌচাকে ভৰি দিলে গৌৰৱোজ্জ্বল ৪০ বছৰত

অসমৰ জনপ্ৰিয় শিশু আলোচনী মৌচাকে ইতিমধ্যে ৪০ বছৰত ভৰি দিছেহি । আলোচনীখনৰ সৈতে জড়িত কৰ্ম-কৰ্তাক অভিনন্দন জনাবৰ বাবে মাৰ্ঘেৰিটাৰ মৌচাক ক্লাৱে 'অভিনন্দন মৌচাক' নামৰ শিশুসকলৰ বাবে এটি ব্যতিক্রমধৰ্মী কাব্যানুষ্ঠানৰ দেওবাৰে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত আয়োজন কৰে

author-image
Asomiya Pratidin
New Update
 শিশু আলোচনী মৌচাকে ভৰি দিলে গৌৰৱোজ্জ্বল ৪০ বছৰত

'অভিনন্দন মৌচাক' অনুষ্ঠান

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ অসমৰ জনপ্ৰিয় শিশু আলোচনী মৌচাকে ইতিমধ্যে ৪০ বছৰত ভৰি দিছেহি । আলোচনীখনৰ সৈতে জড়িত কৰ্ম-কৰ্তাক অভিনন্দন জনাবৰ বাবে মাৰ্ঘেৰিটাৰ মৌচাক ক্লাৱে 'অভিনন্দন মৌচাক' নামৰ শিশুসকলৰ বাবে এটি ব্যতিক্রমধৰ্মী কাব্যানুষ্ঠানৰ দেওবাৰে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত আয়োজন কৰে ।

Advertisment

আৰম্ভণিতে ডঃ ৰুণজুন শইকীয়াৰ কথা আৰু তুলিকা গগৈ দহোতিয়াৰ সুৰেৰে ক্লাবৰ সদস্য-সদস্যা সকলে 'অভিনন্দন মৌচাক' শীৰ্ষক এটি সমবেত সংগীত পৰিবেশনেৰে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে ।

মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰঞ্জু বৰুৱা চেতিয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰুণজুন শইকীয়াই 'কিতাপ আমি কিয় পঢ়িব লাগে' বিষয়ত শিশুসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ।

কণমানি দুগৰাকীৰ নৃত্য
কণমানি দুগৰাকীৰ নৃত্য

শিক্ষয়িত্ৰী অৰ্চনা নেওগ চেতিয়া, লিডু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নবোল কিশোৰ বুঢ়াগোহাঁই, মাৰ্ঘেৰিটাৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈ, শিক্ষয়িত্ৰী তুলুমণি বৰগোঁহাই, ৰঞ্জু তামাং বৰুৱা ইত্যাদিয়েও শিশুসকলক উদ্দেশ্যি প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে ।

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ কস্তুৰী নাথ, শিক্ষক লক্ষ্যধৰ সোণোৱালকে প্ৰমুখ্য কৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, অভিভাৱকৰ উপস্থিতিত শিশুসকলে স্ব ৰচিত লেখা পাঠ কৰাৰ উপৰিও গীত-মাতেৰে অনুষ্ঠানটি জীপাল কৰি তুলে ৷

'মৌচাক' সম্পাদক 'মৌচাক মামা' হিচাপে খ্যাত ডঃ শান্তনু তামুলীয়ে ফোন-ইন মাধ্যমেৰে শিশু আৰু উপস্থিত ৰাইজক সম্বোধন কৰে ।

মৌচাক পঢ়াৰ অভ্যাসৰ জৰিয়তে শিশুসকলক অন্যান্য আলোচনী আৰু কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত মৌচাক ক্লাৱে চেষ্টা কৰি যাব বুলি উদ্যোক্তা পার্থ জ্যোতি বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

'অভিনন্দন মৌচাক' অনুষ্ঠান
'অভিনন্দন মৌচাক' অনুষ্ঠান

Also Read: চিকিৎসক দম্পতি দোষী সাব্য়স্ত হ'লে কেনে শাস্তিৰ সন্মুখীন হ'ব, কি কয় ন্যায় ব্যৱস্থাই ?

child magazine mouchak magazine