মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু; গাঁৱে-ভূঁঞে ব্যাপক প্ৰস্তুতি

মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু; গাঁৱে-ভূঁঞে ব্যাপক প্ৰস্তুতি

author-image
asomiyapratidin
New Update
মৰাণ জনগোষ্ঠীৰ ৰঙালী বিহু;  গাঁৱে-ভূঁঞে ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, তিনিচুকীয়া,– 'হাঁচতি ঐ চ'ত, বিচতি ঐ চ'ত, বুধে বিৰচতি মংগলে উৰুকা বিহু গৈ আছিলি ক'ত'…..এইষাৰি নামেৰেই উজনিৰ অন্যতম ভূমিপুত্ৰ মৰাণসকলৰ হেঁপাহৰ ৰঙালী বিহুৰ আগমন ঘটিছে । বেদ আৰু গোঁসাই বিহুক প্ৰাধান্য দি অহা ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীয়ে বহাগ মাহৰ প্ৰথম বুধবাৰ দিনটো গৰু বিহু আৰু বৃহস্পতিবাৰৰ পৰা মানুহ বিহু পালন কৰি আহিছে ।

Advertisment

সেইমতে কাইলৈ মৰাণসকলৰ গৰু বিহু । উল্লেখ্য যে মৰাণ সমাজত মাঘ বিহু আৰু কাতি বিহু উদযাপনৰ ধৰাবন্ধা পৰম্পৰা নাই যদিও ব'হাগ বিহু বা ৰঙালী বিহুৰ ক্ষেত্ৰত এক সুকীয়া বৈশিষ্ট্য বিদ্যমান । মৰাণ সমাজত পূৰ্বৰে পৰা প্ৰচলিত গছতলৰ বিহু, ৰাতি বিহু আৰু ধৰ্ম হুঁচৰিৰ গুৰুত্ব অপৰিসীম । বহাগৰ প্ৰথমটো বুধবাৰে আৰম্ভ হোৱা ৰঙালী বিহুৰ দ্বিতীয় দিনটোৰ পৰাই মৰাণ গাভৰুসকলৰ গাঁৱৰ নিৰ্দিষ্ট স্থানৰ গছতলত বিহু মৰাৰ পৰম্পৰা আছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল মৰাণ সমাজত একেখন গাঁৱৰ অৰ্থাৎ আত্মীয় ডেকা-গাভৰুৰ মাজত একেলগে বিহু মৰাৰ পৰম্পৰা নাই । সেয়ে মৰাণৰ বিহুৱা ডেকা সকলে নিজৰ গাঁৱৰ পৰিৱৰ্তে আন আন মৰাণ গাঁৱলৈ গৈ গছতলৰ বিহুত অংশগ্রহণ কৰে তথা নাচনীক নচুৱাৰ পৰম্পৰা আছে । অৱশ্যে বিহু উৰুওৱা দিনটোত নিজৰ গাঁৱৰ লগতে আন গাঁৱৰ পৰা অহা ডেকা-গাভৰুৱেও অংশ ল'ব পাৰে।

সেই নিৰ্দিষ্ট দিনটোত সকলোৱে নামঘৰত সেৱা ধৰি বিহু উৰুওৱা পৰ্ব সম্পন্ন কৰে । ইফালে মৰাণসকলৰ মাজত ৰাতিবিহুও বিদ্যমান। লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি গাঁওখনৰ কোনো পৰিয়ালে সংকট মোচনৰ হেতু বিশেষ আশীৰ্বাদ বিচাৰি যথাৰীতিৰে তামোল-পাণৰ টোপোলা দি গাঁৱৰ বিহুৱা ডেকা-গাভৰুক ৰাতিবিহুৰ বাবে আমন্ত্রণ জনায়। পূৰ্বতে এনেদৰে আমন্ত্ৰিত ৰাতিবিহু গাবলৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা নাচনী গাভৰুসকলক সুৰক্ষাৰ দায়িত্বসহ খুজি অনাৰ নিয়ম আছিল। ৰাতিবিহুৰ বাবে সন্ধিয়াতে ডেকা-গাভৰুসকল ওলাই আহি গাঁৱৰ বিহুঘৰত লগ লাগি নিৰ্দিষ্ট ঘৰখনলৈ যাত্ৰা কৰে।

যাত্ৰাৰ সময়ছোৱাত বাটৰ কাষৰ পৰিয়ালসমূহে তামোল-পাণৰ খুম (শৰাই) লৈ পদূলিমুখলৈ ওলাই আহি বিহু দলটোক আগবঢ়াই দিয়াৰ উদ্দেশ্যে সেৱা ধৰি আশীৰ্বাদ লয়। শৰাই গ্ৰহণকালত দুই-এটা বিহুগীতসহ নাচ-বাগ কৰি ডেকা-গাভৰুসকলে ৰং-ৰহইচ কৰে। এনেদৰে অগ্ৰসৰ হোৱা ডেকা-গাভৰুসকলে ওৰে ৰাতি গৃহস্থৰ ঘৰত বিহু মাৰি আশীর্বাদ প্ৰদান কৰে । সম্প্ৰতি এই পৰম্পৰা নিৰ্দিষ্ট কিছু ঠাইতহে দেখিবলৈ পোৱা যায় । যুগ পৰিৱৰ্তনৰ লগে লগে আজিকালি ঠাই বিশেষে ৰাজহুৱাকৈও ৰাতি বিহু পালন কৰা দেখা যায় । আনফালে কিছু সংখ্যক মৰাণ গাঁৱত ধৰ্ম হুঁচৰি মৰা পৰিলক্ষিত হয় ।

মৰাণ সমাজত ৰঙালী বিহু কালত সৰ্বসাধাৰণ হুঁচৰি গোৱাৰ উপৰি ঠাই বিশেষে নির্দিষ্ট বৰ্ষচক্ৰৰ (৩, ৫ কিম্বা ৭ বছৰ) অন্তৰালত ধৰ্ম হুঁচৰি নামৰ এক তাত্ত্বিক বিহু ঘৰে ঘৰে পৰিৱেশন কৰাৰ এক সুকীয়া ৰীতিও প্ৰচলন হৈ আহিছে । সত্ৰৰ সত্ৰাধিকাৰৰ পৰা আজ্ঞা লৈ সম্পূর্ণ ধর্মীয় গণ্ডীৰ ভিতৰত থাকি ধৰ্ম হুঁচৰি পৰিৱেশন কৰা হয়। ধৰ্ম হুঁচৰিত অংশগ্ৰহণ কৰা বিহুৱাসকলে কঠোৰ নিয়ম-নীতি মানি চলিবলগা হয় । প্রকৃত পৰম্পৰা অনুসৰি এই হুঁচৰিত 'কৃষ্ণভকত' (অবিবাহিত যুৱক) সকলেহে অংশগ্রহণ কৰে । ওজা আৰু পালিয়ে সুকীয়া সুকীয়া ধৰণৰ পাগুৰিসহ বগা পোছাক পিন্ধি ফুল কোঁৱৰ-মণিকোঁৱৰৰ গীত গাই ঘৰে ঘৰে অহোৰাত্র হুঁচৰি মাৰে। এই হুঁচৰিত কোনোধৰণৰ প্ৰেম-প্রীতিমূলক বিহুগীত , যোৰানাম কিম্বা বনগীত আদি পৰিৱেশন কৰা নহয় ।

লক্ষণীয়ভাৱে ধৰ্ম হুঁচৰিত অংশগ্ৰহণ কৰা কোনো বিহুৱাই পলায়নবাদী মনোভাব গ্ৰহণ কৰিব নোৱাৰে । ইয়াৰ ব্যতিক্ৰম হ'লে থলীতে অদৃশ্য শক্তিৰ হাতত শাস্তিৰ সম্মুখীন হয় বুলি মৰাণসকলৰ মাজত লোকবিশ্বাস আছে । অতি তাৎপর্যপূর্ণ কথা যে এমাহ পর্যন্ত উজাগৰে থাকি বিহু মৰাৰ পাছতো এইসকল বিহুৱাৰ মানসিক শক্তিৰ অৱক্ষয় নঘটে । ইফালে হুঁচৰি দলটোৱে ইঘৰৰ পৰা সিঘৰলৈ যাওঁতে মৌনতা অৱলম্বন কৰাটো নিয়ম। গাঁৱৰ প্ৰতিঘৰত হুঁচৰি গাই অন্ত পৰিলে গোসাঁইঘৰত ধৰ্ম হুঁচৰিখন শোধাই থৈ অহাৰ নিয়মো বাধ্যতামূলক।

মৰাণসকলৰ হেপাহৰ ৰঙালী বিহুক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ চুকে-কোণে সিঁচৰিত হৈ থকা মৰাণ জনগোষ্ঠীয় গাঁওসমূহত এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে । ঘৰে ঘৰে বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । অৱশ্যে দীক্ষা লোৱা গোঁসাইৰ আজ্ঞাৰ ওপৰত ভিত্তি কৰিও মৰাণ সমাজত ৰঙালীক আদৰাৰ ক্ষেত্ৰত ভিন্নতা দেখিবলৈ পোৱা যায়। অৰ্থাৎ গোঁসাই বিহুক প্ৰাধান্য দিয়া মৰাণসকলে কাইলৈৰ পৰা আৰম্ভ হোৱা বিহুৰ পৰিৱৰ্তে নিৰ্দিষ্ট গোঁসাইৰ আজ্ঞা মতে পৃথকে বহাগ বিহু উদযাপন কৰা দেখা যায় ।

আৰু পঢ়ক: নগাঁৱত চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে দেহ দান কৰিলে অধ্যাপক , শিল্পীয়ে

assam bihu tinsukua