/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/TINISUKIA.jpg)
ডিজিটেল সংবাদ তিনিচুকীয়াঃ ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে কেইমাহমানৰ পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত গুলী কৰি কৰায়ত্ব কৰাৰ লগতে উদ্ধাৰ কৰিছিল বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ । ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীৰ বিৰুদ্ধে শুকুৰবাৰে দ্বিতীয়টো এনকাউন্টাৰ সংঘটিত কৰে তিনিচুকীয়া আৰক্ষীয়ে । এই এনকাউন্টাৰত গুলীবিদ্ধ হৈ চিকিৎসাধীন হোৱা পেডলাৰগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় সন্দেহজনক ব্ৰাউন চুগাৰ ।
আৰক্ষী সূত্ৰে জানিব দিয়া মতে যোৱা দুটা দিনত জিলাখনত নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু কেইবাটাও সফলতা লাভ কৰা হৈছে । বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ ৫ টাকৈ স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে এজনক গুলীবিদ্ধ কৰে ৷ শদিয়া, ডুমডুমাৰ পিছত যোৱা নিশা তিনিচুকীয়া চহৰৰ মাদ্ৰাছা হোটেলত ক্ৰাইম ব্ৰাঞ্চ, তিনিচুকীয়া আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ যৌথ অভিযান চলাই কাকপথাৰ ৰবীন মৰাণ নামৰ এজন লোকক আটক কৰাৰ লগতে তেওঁৰ পৰা ২৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷
ইয়াৰ মাজতে শুকুৰবাৰে পুৱতি নিশা তিনিচুকীয়াৰ বাইপাছত ড্ৰাগছ সৰবৰাহকাৰীক বশ কৰিবলৈ আৰক্ষীয়ে এনকাউন্টাৰৰ আশ্ৰয় ল'বলগা হয় । আৰক্ষী এই এনকাউন্টাৰত আঘাটপ্ৰাপ্ত হয় বিপ্লৱ চক্ৰৱৰ্তী (৩৮) নামৰ এটা ড্ৰাগছ ব্যৱসায়ী । চহৰখনৰ হিজুগুৰিৰ বাসিন্দাজনৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰে ১০১ গ্ৰাম ড্ৰাগছ ।আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ড্ৰাগছ ব্যৱসায়ীগৰাকীক ভৰ্তি কৰা হয় তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ৷ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে জানিব দিয়া মতে বিপ্লৱ চক্ৰৱৰ্তীৰ পত্নীও কিছুদিন পূৰ্বে ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছিল ।
ডিমাপুৰৰ পৰা ৰে'লযোগে অহা বিপ্লৱ চক্ৰৱৰ্তীক আৰক্ষীয়ে ড্ৰাগছসহ জব্দ কৰাৰ পিছত তেওঁ সহযোগী তথা ড্ৰাগছ বেহাৰ লগত জড়িত আন ব্যক্তিক ধৰা পেলাই দিয়াৰ আশ্বাস দি অভিযানকাৰী দলটোক তিনিচুকীয়া বাইপাচৰ এক নিৰ্দিষ্ট স্থানলৈ লৈ যায় । তেনে অৱস্থাতে সুযোগ বুজি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ ভৰিত গুলী লগা চক্ৰৱৰ্তী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ যোৱা দুটা দিনত তিনিচুকীয়া জিলা আৰক্ষীয়ে অভিযান চলাই ১০৫ গ্ৰাম হেৰ'ইন, ২৭০ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ১১৯ কিল'গ্ৰাম গাঞ্জা জব্দ কৰে বুলিও অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।