টিহুত পঞ্চায়তৰ সচিব-লেখক সনাতন বৰ্মনৰ কিতাপ-অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ…

টিহুত পঞ্চায়তৰ সচিব-লেখক সনাতন বৰ্মনৰ কিতাপ-অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ…

author-image
asomiyapratidin
New Update
টিহুত পঞ্চায়তৰ সচিব-লেখক সনাতন বৰ্মনৰ কিতাপ-অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, টিহুঃ টিহু মহকুমাৰ জলখানা –ভঠুৱাখানা গাঁও পঞ্চায়তৰ সচিব–লেখক সনাতন বৰ্মনে পঞ্চায়ত এলেকাটোৰ ভিতৰত থকা কেবাটাও দুখীয়া পৰিয়ালৰ মাজত নিজাববীয়াকৈ খাদ্যসামগ্ৰী বিতৰণ কৰে । অতিমাৰী কোভিড–১৯ৰ পৰিপ্ৰেক্ষিতত আৰোপিত লকডাউনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত কৰ্মহীন হোৱা এই পৰিয়ালৰ লোকসকলৰ ঘৰলৈ গৈ তেওঁ এই সাহায্য বিতৰণ কৰে ।

চৰকাৰে লকডাউনৰ সময়ত নিৰ্ধাৰণ কৰা নীতি–নিয়ম মানি আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি পঞ্চায়তখনৰ সচিব–লেখক সনাতন বৰ্মনে চাউল, আলু, দালি, চয়াবিন, মিঠাতেল, বিস্কুট, নিমখ, চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটি টোপোলা প্ৰদান কৰে ।

লকডাউনৰ সময়ত মানসিক শান্তি লভিবৰ বাবে কেবাটা পৰিয়াললৈ সচিবগৰাকীয়ে লিখা কিতাপো প্ৰদান কৰে ।চৰকাৰী কাম সম্পাদনৰ মাজতে পঞ্চায়তখনৰ সচিবগৰাকীয়ে সমাজলৈ আগবঢ়োৱা জনহিতকৰ কামৰ বাবে সংশ্লিষ্ট হিতাধিকাৰীসকলে তেওঁক বাৰুকৈয়ে প্ৰশংসা কৰিছে ।

উল্লেখ্য, পঞ্চায়তৰ সচিবগৰাকীয়ে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা সময়ত পৰিয়ালবোৰলৈ লকডাউনৰ নীতি–নিয়ম সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনাই বিভিন্ন পৰামৰ্শও আগ বঢ়ায় ।