/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/e39b0772-e57c-4556-9da4-7375a56ffed7.jpg)
ডিজিটেল সংবাদ, টিহু: সম্প্ৰতি কোৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিয়ে টিহু মহকুমাৰ মথুৰাপুৰ গাঁৱত কৰ্মহীন কৰা অঞ্চলটোৰ প্ৰায় ১০০টা পৰিয়ালৰ সদস্যৰ মাজত শনিবাৰে সাংস্কৃতিক আৰু সমাজকৰ্মী জয়ন্ত হাজৰিকাই চাবোনকে ধৰি চাউল, দাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় কেইবাবিধো খাদ্য সামগ্ৰী বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/c0278d9d-c455-4089-a372-895be8e55306-1-1024x766.jpg)
কোৰোনা ভাইৰাছৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সামাজিক দূৰত্ব মানি ৰূপায়িত আৰু অসম নাট্য সন্মিলনৰ আগশাৰীৰ কৰ্মকৰ্তা জয়ন্ত হাজৰিকাৰ এই জনহিতৈষী কাৰ্য সম্পাদন অনুষ্ঠানত মথুৰাপুৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদক ইন্দ্ৰমোহন শৰ্মা, স্থানীয় সমাজকৰ্মী হৰেকৃষ্ণ মেধি, সতীশ শৰ্মা, চন্দ্ৰ শেখৰ শৰ্মা, উৎপল ডেকা আৰু হৰেন দাসেও অকুণ্ঠ সহযোগ আগবঢ়ায়।