টিহু মহাবিদ্যালয়ত 'কাব্যসন্ধিয়া'ৰ সফল সমাপন

টিহু মহাবিদ্যালয়ত বৈদ্যুতিক ছাঁ-পোহৰৰ পৰিৱেশত কাব্যসন্ধিয়া সমাপন

author-image
Asomiya Pratidin
New Update
টিহু মহাবিদ্যালয়ত 'কাব্যসন্ধিয়া'ৰ সফল সমাপন

ডিজিটেল সংবাদ, নলবাৰী : ‘‘লেখক হোৱাৰ পূৰ্বে লেখকগৰাকী ভাল পঢ়ুৱৈ হ’ব লাগিব। মানুহ, প্ৰকৃতি, পৰিৱেশ বা বিভিন্ন ঘটনাৰ বিষয়ে অধ্যয়ন কৰাৰ উপৰি কিতাপ পঢ়িহে লেখক এগৰাকীয়ে নিজৰ চিন্তা-চেতনাৰ মান অনুসৰি লেখা পাগত তুলিব পাৰে।’’ শনিবাৰৰ সন্ধিয়া টিহু মহাবিদ্যালয়ত অনুষ্ঠিত কাব্যসন্ধিয়াত উপস্থিত হৈ এই মন্তব্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।

Advertisment

টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আলোচনী বিভাগ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ টিহু মহাবিদ্যালয় গোটৰ উদ্যোগত মহাবিদ্যালয়খনৰ চোতালত আয়োজিত কবিতা আৰু গীতৰ মনোৰম অনুষ্ঠান ‘কাব্যসন্ধিয়া’ উদ্বোধন কৰি নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে কয় যে, কবিতাৰ বাবে শব্দ প্ৰয়োগ বা শব্দ বাছনিত অতি সচেতন হ’লেহে কবিতাই সাৰ্থক ৰূপ পায়।

অনুষ্ঠানটোৰ আদিতে নলবাৰী জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান টিহু মহাবিদ্যালয়ৰ উপাধ্যক্ষ মঞ্জুলা ডেকাই বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত শিক্ষাৰ্থীসকলৰ উদ্যোগৰ শঁলাগ লয়। মহাবিদ্যালয়খনৰ আলোচনী ‘টিচিয়ান’ৰ তত্ত্বাৱধায়ক ডঃ হেমেন ৰাজবংশীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত টিহু লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা অলকা বুজৰবৰুৱা আৰু শিক্ষাব্ৰতী বনশ্ৰী চৌধুৰীয়ে অতিথি কবি হিচাপে ভাগ লৈ দুয়োগৰাকীয়ে স্বৰচিত কবিতা পাঠ কৰে।

বৈদ্যুতিক ছাঁ-পোহৰৰ আকৰ্ষণীয় পৰিৱেশত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী বাৰ্চিলিনা কাশ্যপ, নিশিগন্ধা কাশ্যপ, ধৃতিৰাজ ভট্টাচাৰ্য, নিকুমণি কলিতা, ডলি হালৈ, বিশাল কলিতা, তৃষ্ণা কলিতা, নিশিতা ডেকা, দীপাঞ্জলি হালৈ, পম্পি ডেকা, শাশ্বতী শৰ্মা আৰু যুগব্ৰত ডেকাই কবিতা আবৃত্তি কৰে। অনুষ্ঠানত শিক্ষাৰ্থী দুলুমণি কলিতা আৰু ছাত্ৰ একতা সভাৰ সম্পাদক মূৰ্চ্ছনা পাঠকৰ লগতে অধ্যাপক গোকুল তালুকদাৰ আৰু অপৰাজিতা বৰুৱাই গীত পৰিৱেশন কৰে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ টিহু গোটৰ সভাপতি হিৰক ডেকা আৰু ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য জিতুল কাশ্যপেও শুভেচ্ছামূলক ভাষণ দিয়াৰ লগতে ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক দীক্ষি দাসে কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰে। অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়।

টিহু মহাবিদ্যালয়