ডিজিটেল সংবাদ, চিৰাংঃ বাসুগাঁও চহৰৰ তিনি নং ওৱাৰ্ডৰ থুৰিবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী শ্যামা পূজা সমিতিয়ে এইবেলি ৫০ বছৰত ভৰি দিছে । ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা থুৰিবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী শ্যামা পূজা সমিতিয়ে ৫০ বছৰ উপলক্ষে বিস্তৃত কাৰ্য্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলাইছে ।
প্ৰায় এক লাখ টকা বাজেট সাপেক্ষে আলোক উজ্জ্বল পূজা মণ্ডপ সাজি উলিয়াইছে উদযাপন সমিতিয়ে । ৩১ অক্টোবৰ তাৰিখে সন্ধিয়া সুবৰ্ণ জয়ন্তী বৰ্ষৰ এই শ্যামা পূজা মণ্ডপৰ দ্বাৰ উদ্বোধন কৰিব আমন্ত্ৰিত অতিথি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ।
পঞ্চাশ বছৰ উপলক্ষে পঞ্চাশটা বিশেষ চাকি প্ৰজ্বলন কৰিব বিটিচিৰ পাৰিষদ তথা প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা মাধৱ ছেত্ৰীয়ে । সুবৰ্ণ জয়ন্তী বৰ্ষৰ সৈতে সঙ্গতি ৰাখি দ্বিতীয় দিনা আৰতি প্ৰতিযোগিতা, মহিলা সকলৰ বিভিন্ন বিনোদন মূলক খেল ধেমালীৰ উপৰি আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব বুলি শ্যামাপূজা সমিতিৰ সভাপতি বিপ্লৱ দেবনাথ আৰু সম্পাদক তাপস চাকলাদাৰে জানিবলৈ দিয়ে।
থুৰিবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী শ্যামা পূজা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষৰ এই বৰ্ণাঢ্য কাৰ্য্যসূচীত সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us