নাগালেণ্ডৰ ছুমুকেডিমাত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক…

নাগালেণ্ডৰ ছুমুকেডিমাত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক…
Published on
Updated on

ডিজিটেল সংবাদ, ৱাখাঃ নগা শান্তি আলোচনাক ৰাজনৈতিক গতি দিয়াৰ উদ্দেশ্য মঙলবাৰে প্ৰথমবাৰৰ ৰাজনৈতিক নেতাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক-মুইভা গোটৰ মুৰব্বী থুইংগালেং মুইভা । ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী নিবেশৰ অতিথিশালাত অনুষ্ঠিত প্ৰায় ৪৫ মিনিট জোৰা এক ৰুদ্ধদাৰ বৈঠকত মিলিত হয় নেডাৰ আহবায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা । মঙলবাৰৰ এই বৈঠকত ড০ শৰ্মাৰ সৈতে উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' ।

মুইভাৰ সৈতে হোৱা বৈঠকত নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নগা শান্তি আলোচনা পুনৰ আৰম্ভ হোৱাক লৈ সুখী আৰু সন্তোষ প্ৰকাশ কৰা কথা অৱগত কৰে । উল্লেখযোগ্য যে, থুইংগালেং মুইভাৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে গৈ ডিমাপুৰ উপস্থিত হৈ পোনে পোনে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ ডিমাপুৰ বাসগৃত উপস্থিত হয়। ৰিঅ'ৰ বাসগৃত হোৱা আন এক বৈঠকত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পেট্টন , নাগালেণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি টেমজন ইমনা আলঙ , ৰাষ্ট্ৰীয় মুখপত্ৰ মহেনলুমু কিকন , ৰাজ্যসভা সাংসদ কাইটো আৰু নেইবা ক্ৰনুৱে অংশগ্ৰহণ কৰে ।

ইফালে, বুধবাৰে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুৰব্বী থুইংগালেং মুইভাৰ সৈতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাৰ সন্দৰ্ভত জানিব পৰামতে অলপতে দিল্লীৰ ভ্ৰমণৰ সময়ত নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃত হোৱা বৈঠকত স্তব্ধ হৈ পৰা নগা শান্তি আলোচনা পুনৰ ৰাজনৈতিক গতি দিবৰ বাবে ড০ শৰ্মাক দায়িত্ব অৰ্পণ কৰে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰ্তা লৈয়ে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমাপুৰত এন এছ চি এনৰ নেতা থুইংগালেং মুইভাৰ এনেদৰে ৰুদ্ধদাৰ বৈঠকত মিলিত হয় ।

ৰাজনৈতিক দৃষ্টি কোণৰ পৰা নগা শান্তি আলোচনা গতি দিয়াৰ ক্ষেত্ৰত আজিৰ বৈঠকে বিশেষ তাৎপৰ্যবহন কৰিছে । ইফালে নাগালেণ্ডত সকলো ৰাজনৈতিক দলে শাসনাধিস্থ মিত্ৰজোঁত চামিল হোৱাত ৰাজনৈতিক প্ৰেক্ষাপটত সলনি আৰু অহা ২০২৩ চনৰ হব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচন প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্তব্ধ হৈ পৰা নগা শান্তি আলোচনাক পুনৰ গতিৰ দিবৰ বাবে এনেদৰে তৎপৰ হৈ পৰিছে। উল্লেখযোগ্য যে কালি থুইংগালেং মুইভাৰ সৈতে কেন্দ্ৰৰ নতুন মধ্যস্ততাকাৰী অক্ষয় কুমাৰ মিশ্ৰ ছুমুকেডিমা বৈঠকৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনৈতিক আলোচনাই গুৰুত্বপূৰ্ণ হৈ পৰিছে। কাৰণ ২০১৯ চনৰ ৩১অক্টোবৰ দিনটো নগা চূড়ান্ত চুক্তি স্বাক্ষৰ অন্তিম দিন ধাৰ্য কৰি দিয়াৰ শান্তি আলোচনা স্থবিৰ হৈ পৰিছিল।

বুধবাৰে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এন এছ চি এনৰ সাধাৰণ সম্পাদ থুইংগালেং মুইভা মাজত হোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাৰ সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে কয়- হিমন্ত বিশ্ব শৰ্মাৰে এয়া ৰাজনৈতিক আলোচনা আছিল। তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বাৰ্তা লৈ আহিছিল । অমিত শ্বাহে স্থবিৰ হৈ থকা নগা শান্তি আলোচনা পুনৰ আৰম্ভ হোৱাত সুখী আৰু সন্তোষ প্ৰকাশ কৰিছে। তেওঁ নগা শান্তি আলোচনা চলাই যোৱাত সন্মত হৈছে যাতে নগা সমস্যা সোনকালে সমাধান হয় । চৰকাৰে আলোচনাৰ বাবে সদায় দুৱাৰ মুকলি ৰাখিছে । পূৰ্বে যিবোৰ হৈ গল এতিয়া পাহৰি যাব লাগে।

উল্লেখযোগ্য যে নগা শান্তি আলোচনা সম্প্ৰতি ৰাজনৈতিক আলোচনা লৈ পৰিৱৰ্তন হোৱাৰ সন্দৰ্ভত কয়- আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক নিশ্চয় ৰাজনৈতিক আলোচনা। ২০২০ চনত এন এছ চি এন মুৰব্বী থুইংগালেং মুইভা আৰ এন ৰবি আলোচনাৰ মধ্যস্ততাকাৰী পৰা আঁতৰাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে । মুইভাৰ পত্ৰৰ প্ৰত্ত্যুতৰ প্ৰধানমন্ত্ৰী মোডীয়ে গৃহ সচিব জৰিয়তে তেতিয়াৰ আই বিৰ সঞ্চালক অক্ষয় মিশ্ৰ আলোচনা চলাই যাব বাবে কৰ্তত্ব প্ৰদান কৰে । আৰু ইয়াৰ অংশ হিচাবে কালি পুনৰ এন এছ চি এনৰ আলোচনাত মিলিত হৈছে । মোডীয়ে বিচাৰিছে নগা সমস্যা সমাধানে শান্তি আৰু অৰ্থনৈতিক উন্নয়ন আনিব। ৰিঅৱে আজিৰ থুইংগালেং মুইভা আৰু ড০হিমন্ত বিশ্ব শৰ্মা বৈঠক সম্পূৰ্ণ যোগাত্মক আৰু ফলপ্ৰসু আছিল বুলি উল্লেখ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in