অসম যুৱ অলিম্পিক – ২০২২ ত ৰাভা হাছং এলেকাৰ তিনিগৰাকী ঊশ্বু খেলুৱৈয়ে লাভ কৰিলে পদক…

অসম যুৱ অলিম্পিক – ২০২২ ত ৰাভা হাছং এলেকাৰ তিনিগৰাকী ঊশ্বু খেলুৱৈয়ে লাভ কৰিলে পদক…

author-image
asomiyapratidin
New Update
অসম যুৱ অলিম্পিক – ২০২২ ত ৰাভা হাছং এলেকাৰ তিনিগৰাকী ঊশ্বু খেলুৱৈয়ে লাভ কৰিলে পদক…

ডিজিটেল সংবাদ বকো: যোৱা ২৩ জুলাইৰ পৰা গুৱাহাটী পল্টন বজাৰত অনুষ্ঠিত হোৱা ৫ দিনীয়া অসম যুৱ অলিম্পিক -২০২২ ৰ ঊশ্বু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ তিনিগৰাকী খেলুৱৈয়ে পদক জিনি গৌৰৱ কঢ়িয়াই আনিছে । এলেকাটোৰ কামৰূপ জিলাৰ বকোৰ প্ৰৱাল কুমাৰ ৰাভাই ৪৫ কেজি শাখাত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিছে ।

Advertisment

প্ৰৱাল কুমাৰ ৰাভাক ঊশ্বু খেলৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে প্ৰশিক্ষক সুভাষ গয়াৰীয়ে । বকো লাংকোনাগাঁৱৰ দুৰ্গেশ্বৰ ৰাভা আৰু নমিতা ৰাভাৰ একমাত্ৰ পুত্ৰ সন্তান প্ৰৱাল কুমাৰ ৰাভা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ । আনহাতে বকোৰে ইলিনা ৰাভাই ৫৬ কেজি শাখা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ৰূপৰ পদক কঢ়িয়াই আনিছে ।

ইলিনা ৰাভা বকো কালিয়াবড়ীগাঁৱৰ স্বপন ৰাভা আৰু কবিতা ৰাভাৰ কন্যাৰ লগতে দেৱৰগাঁও মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। প্ৰতিযোগিতাত এলেকাটোৰ গোৱালপাৰা জিলাৰ দুধনৈৰ ডেইজী ৰাভাই তালুক শাখাত খেলি একেলকে সোণ আৰু ৰূপৰ পদক জিনিবলৈ সক্ষম হৈছে । ডেইজী ৰাভা দুধনৈৰ কিশোৰ ৰাভা আৰু মনীষা ৰাভাৰ একমাত্ৰ কন্যা । ডেইজী ৰাভা এচটি এএনএন এচ মহাবিদ্যালয়ৰ ছাত্ৰী ।