অৰুণাচলৰ পৰা অপহৰণ পথ নিৰ্মাণৰ লগত জড়িত ৩ কৰ্মচাৰীক…

অৰুণাচলৰ পৰা অপহৰণ পথ নিৰ্মাণৰ লগত জড়িত ৩ কৰ্মচাৰীক…

author-image
asomiyapratidin
New Update
গোলাঘাটত জুইত জাহ গ’ল এটা ঘৰ, এখন স্কুটী…

ডিজিটেল ডেস্কঃ উগ্ৰপন্থীৰ দ্বাৰা অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত। জিলাখনৰ পুমাওৰ পৰা ১০ জন এন এছ চি এন (কে-ৱাই) উগ্ৰপন্থীয়ে পথ নিৰ্মাণৰ লগত জড়িত থকা ৩ শ্ৰমিকক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

এক সূত্ৰত প্ৰকাশ পোৱা মতে অপহৃত শ্ৰমিকসকল এটা শিবৰত আশ্ৰয় গ্ৰহণ কৰি আছিল আৰু সেই শিবিৰৰ পৰাই অপহৰণকাৰীসকলে ৩ জন শ্ৰমিকক অপহৰণ কৰিনিছে। বিশেষ সূত্ৰত প্ৰকাশিত খবৰ মতে অপহৰণকাৰীয়ে অপহৃতসকলক নাগালেণ্ডৰ নিয়াচালৈ লৈ গৈছে।

অপহৃত ৩ জন শ্ৰমিকৰ ভিতৰত আছে এজন অৰুণাচলৰ এজন অসমৰ আৰু এজন বিহাৰৰ শ্ৰমিক। ইয়াৰে বাংফুয়া ৱাংপান অৰুণাচল প্ৰদেশৰ লংডিং ডিৰ লাংখাও গাঁৱৰ বাসিন্দা। অপহৃত এজনৰ নাম হীৰেন কোচ আৰু তেওঁৰ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখঙৰ ২ নং কেচেৰুগুড়িত। আনহাতে তৃতীয়গৰাকী অপহৃত বিহাৰৰ ৰামচিশ মহত্ব। অৱশ্যে ইয়াৰ এজনক অপহৰণকাৰীসকলে মুকলি কৰি দিছে আনহাতে বাকী দুজন এতিয়াও উগ্ৰপন্থীৰ জিম্মাত আছে।

খবৰ অনুসৰি, উগ্ৰপন্থীসকলে শ্ৰমিকসকলৰ পৰা তেওঁলোকৰ শিবিৰৰ কাষৰ পৰা মোবাইল ফোন আৰু বাহনৰ চাবি কাঢ়ি লৈছিল।যাৰবাবে কৰ্মীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। ইফালে নিৰাপত্তা বাহিনীয়ে অপহৃত লোকসকলক বিচাৰি উলিয়াবলৈ এটা বৃহৎ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।