উৰিয়ামঘাটত বাইক চোৰ আটক

উৰিয়ামঘাট অঞ্চলত কিছু দিন ধৰি বাইক-স্কুটী চোৰে এক প্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছে।

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাটত বাইক চোৰ আটক

ডিজিটেল সংবাদ, উৰিয়ামঘাট: উৰিয়ামঘাট অঞ্চলত কিছু দিন ধৰি বাইক-স্কুটী চোৰে এক প্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছে।ইয়াৰ মাজতে উৰিয়ামঘাট আৰক্ষীয়ে এটা বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰে জনোৱা মতে উৰিয়ামঘাটত বিগত দিনত কেইবাখনো বাইক চুৰি হোৱাৰ বাবে চোৰাংচোৱা নিযোগ কৰিছিল আৰক্ষীয়ে।চোৰাংচোৱাৰ খবৰৰ ভিত্তিত উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে ১নং লক্ষীনগৰৰ পৰা নিশা এটা বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা ধৃত চুৰটোত চোৰটো ১নং লক্ষীনগৰৰ ইবুংগ সিং চুলি জানিবলৈ দিয়ে।আৰক্ষীসূত্ৰে প্ৰকাশ কৰা মতে বিগত সময়ত চুৰটোৱে ধনশিৰি মহকুমাৰ উৰিয়ামঘাট, নাওঁজান আৰু সৰুপথাৰৰ বিভিন্ন অঞ্চলৰ পৰা বাইক চুৰি কৰিছিল।সমগ্ৰ বিষয়টো তথা চুৰি কাৰ্যৰ লগত জড়িত সমগ্ৰ বিষয়টো তদন্ত কৰিছে।

assam Assam police