/asomiyapratidin/media/media_files/2025/09/24/seo-2025-09-24-16-15-51.jpg)
ডিজিটেল ডেস্ক:জুবিন গাৰ্গৰ জৈৱনশৈলী আছিল খুবেই ব্যতিক্ৰম। পিন্ধন-উৰণ আছিল অতি বিশেষ। জুবিন গাৰ্গে যি ধৰণে যি কাপোৰ পিন্ধে, সেয়াই অনুৰাগীৰ 'ষ্টাইল' হৈ পৰে। সদাই বেলেগ বেলেগ কাপোৰ, জোতা, চেইন, আঙুঠি পিন্ধা জুবিনে কিন্তু দীৰ্ঘ সময় ধৰি হাতৰ আঙুলিত এটা বিশেষ আঙুঠি পৰিধান কৰি আছিল। সোণালী ৰঙৰ আঙুঠিটো তেওঁ পিন্ধি থকা আন আঙুঠিকেইটাতকৈ অলপ ডাঙৰ।
জুবিন গাৰ্গে পিন্ধা এই আঙুঠিৰ বিশেষত্ব
জুবিন গাৰ্গৰ হাতৰ আঙুঠিটো ১৪ শতিকাৰ ইজিপ্তৰ পৰাক্রমী ৰজা কিং ফাৰাও টুটেনখামেনৰ মুখাবয়ৰ। ইজিপ্তৰ পৌৰাণিক কাহিনী অনুসৰি, টুটেনখামেনৰ মুখাবয়ৰ আঙুঠি অথবা যিকোনো গহনা পূর্ণজন্ম আৰু আত্মনিৰ্ণয়ৰ প্রতীক। এই বিশেষ আঙুঠিটোৰ ওজন ৯ গ্রাম। টুটেনখামনৰ জন্ম হৈছিল ১৩৪১ খ্ৰীষ্টপূৰ্বত। মাত্র ৯ বছৰ বয়সতে সম্রাট হোৱা টুটেনখামনক ১৮ বছৰ বয়সত হত্যা কৰা হৈছিল। এই হত্যা অতি ৰহস্যজনক আছিল। তেওঁক খাদ্যত বিষ মিহলাই খুৱাই হত্যা কৰা হৈছিল। টুটেনখামনৰ সন্তান নাছিল। যাৰ বাবে সেই বংশ তেওঁৰ মৃত্যুতেই শেষ হৈছিল।টুটেনখামনৰ ৰাজত্ব কালতেই ইজিপ্তত সোণ আৱিস্কাৰ হৈছিল। ইজিপ্তত তেওঁ সূৰ্য্যৰ পুত্র হিচাপে জানাজাত আছিল। সোণৰ বাবেই প্রথমে পিতৃক আৰু তাৰ পিছত টুটেনখামনক হত্যা কৰা হৈছিল।
ইজিপ্তৰ মামীৰ বিষয়ে হয়তো সকলো জ্ঞাত। টুটেনখামনক মৃতদেহো মামীকৃত কৰা হৈছিল। অৰ্থাৎ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰা হৈছিল। তেওঁৰ কবৰ খননৰ সময়ত প্ৰায় ৫ হাজাৰ সোণৰ সামগ্রী পোৱা গৈছিল। কথিত কাহিনী অনুসৰি, টুটেনখামনে অভিশাপ দিছিল যে তেওঁৰ সোণৰ আৰু ৰত্নভাণ্ডাৰত যিসকলে হাত দিব, তেওঁলোকৰ অচিন কাৰণত মৃত্যু হ’ব। সেই কবৰ ১৯২২ত খনন কৰা হৈছিল আৰু এই খনতত যিসকল শ্রমিক নিযোজিত হৈছিল তেওঁলোকৰ অচিন ৰোগত মৃত্যু হৈছিল।
উল্লেখ্য যে, জুবিনে শেষ সময়লৈকে পিন্ধি থকা আঙুঠিটো তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে চিৰদিনৰ বাবে সংৰক্ষণ কৰি ৰাখিব বুলি সকলোকে জানিবলৈ দিছে। 'জুবিনে নিজকে ৰজা বুলি ভাবিছিল, সেয়েহে তেওঁ এই আঙুঠিটো সদায় পিন্ধি আছিল' বুলিও জনাই গৰীমা শইকীয়া গাৰ্গে।