মথুৰাপুৰ-কোঁৱৰ গাঁও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ...

মথুৰাপুৰ-কোঁৱৰ গাঁও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ...
Published on
Updated on

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ কেইবাটাও স্থানত জল জীৱন আঁচনিখন ধোঁৱাচাঙত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ জল জীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্য আজিও সম্পূর্ণ নোহোৱাৰ লগতে একাংশ আঁচনিৰ পৰা ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷

উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ অধীনত ২০২১-২২ বৰ্ষত মথুৰাপুৰ কোঁৱৰ গাঁৱত এখন পানী যোগান আঁচনি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। উক্ত পানী যোগান আঁচনিখনৰ ঠিকা লাভ কৰা ঠিকাদাৰৰে সম্পূৰ্ণ মইমতালিৰে নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত আজিপৰ্য্যন্ত পানী যোগান আঁচনিখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল ৷

যাৰ বাবে গ্ৰামাঞ্চলটোত ৰাইজ ঠিকাদাৰ বিৰুদ্ধে অতিষ্ঠ হৈ ক্ষোভ প্ৰকাশ কৰিছে ৷ আঁচনিখনৰ পানী পাইপসমূহৰ কাম নিয়ম মতে নকৰি আঁচনিৰ সিংহভাগ ধন সংশ্লিষ্ট বিভাগৰ অভিযন্তাৰ সৈতে মিলি আত্মসাৎ কৰাৰ যড়যন্ত্ৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

আনহাতে ঠিকাদাৰে আঁচনিখনৰ ৬০ শতাংশ কাম কৰি ইয়াৰ কাম বন্ধ ৰখাত ৰাইজে উৰ্দ্ধতম কৰ্তৃপক্ষক এই বিষয়ে বাৰম্বাৰ অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ উক্ত আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলটোৰ দুই শতাধিক পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ'লহেতেন, কিন্তু অতি পৰিতাপৰ কথা যে ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ চৰম গাফিলতিৰ বাবে এতিয়াও আঁচনিখন সম্পূৰ্ণ হৈ নুঠাত ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

সম্প্রতি আঁচনিখন এক অৰ্থত ধোঁৱা চাঙত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইছে।

মথুৰাপুৰ-কোঁৱৰ গাঁও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ...
জামুগুৰিহাটত চিলনী চোৰৰ অতপালি : এমাহতে ৫টা চুৰি কাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in