আপোন খাৰঘূলি এৰি সপোনৰ সৰগলৈ যাত্ৰা

অসম মাতৃৰ প্ৰিয় সন্তান জুবিন গাৰ্গক হেৰুওৱাৰ দুখ হয়তো প্ৰতিজন অসমীয়াই মৃত্যু পৰ্যন্তলৈকে নিজৰ লগত কঢ়িয়াই ফুৰিব। জুবিনৰ গীতৰ মাজতেই এতিয়া অসমীয়াই বিচাৰিছে প্ৰিয় শিল্পীজনক।

author-image
সংগীতা দাস
New Update
seo zubeen (1)

ডিজিটেল ডেস্ক: অসম মাতৃৰ প্ৰিয় সন্তান জুবিন গাৰ্গক হেৰুওৱাৰ দুখ হয়তো প্ৰতিজন অসমীয়াই মৃত্যু পৰ্যন্তলৈকে নিজৰ লগত কঢ়িয়াই ফুৰিব। জুবিনৰ গীতৰ মাজতেই এতিয়া অসমীয়াই বিচাৰিছে প্ৰিয় শিল্পীজনক। অসমবাসীক তেওঁ অজস্ৰ দিলে। তাৰ হিচাপ অনুৰাগীয়ে তেওঁ জীয়াই থাকোতেও দিলে, মৃত্যুৰ পাছত তেওঁক অন্তিম বাৰৰ বাবে দেখা কৰিবলৈ অহা অনুৰাগীৰ সংখ্যাইও দিলে। 

অসমক লৈ বহু সপোন দেখিছিল জুবিনে। বহু পূৰণ হ'ল যদিও বহু কাম কৰিবলৈ তেওঁৰ থাকি গ'ল। আধৰুৱা হ'ল বহু চিনেমা, বহু গানৰ কাম। খাৰঘূলিৰ নতুন ঘৰখনৰ পৰা ব্ৰক্ষ্মপুত্ৰলৈ চাই চাই গান-চিনেমাৰ কাম কৰা সপোনো সপোন হৈয়ে ৰ'ল। নিৰ্মিয়মাণ অৱস্থাত থকা খাৰঘূলিৰ ঘৰখনত জীৱনৰ শেষৰ সময়খিনি কটোৱাৰ পৰিকল্পনা কৰিছিল জুবিনে। প্ৰকৃতিৰ আজন্ম প্ৰেমিক জুবিনৰ খাৰঘূলিৰ ঘৰখন বিভিন্ন গছ-গছনিৰে ভৰা। অতি সোনকালে এই ঘৰটোৰ নিৰ্মাণ কাৰ্য শেষ কৰি পৰিয়ালটো কাহিলিপাৰাৰ ফ্লেটৰ পৰা খাৰঘূলিলৈ অহাৰ কথা আছিল। 

এটা সাক্ষাৎকাৰত জুবিনে কৈছিল, 'ভৱিষ্যতৰ বাবে মই খাৰঘূলিতে থিতাপি ল'ম। তাত হাবি-জংঘল, গছ-গছনি বহুত আছে। মোৰ নিজৰ কামখিনি কৰিবলৈ তাত এটা ষ্টুডিঅ' থাকিব। ব্ৰক্ষ্মপুত্ৰ চাই চাই কামবোৰ কৰিব পাৰিলে ভাল লাগিব। বুঢ়া বয়সলৈকে মই খাৰঘূলিত থাকিম।'

এৰা ! খাৰঘূলি মানেই যেন জুবিন আৰু জুবিন মানেই যেন খাৰঘূলি। ঘৰটোৰ সন্মুখত থকা গছ এজোপা নাকাটিবৰ বাবেই জুবিনে সলনি কৰিছিল ঘৰটোৰ নক্সা। কিন্তু, এতিয়া ? মৰমৰ খাৰঘূলিত প্ৰকৃতিৰ মাজত জীৱনৰ বাকীছোৱা সময় অতিবাহিত কৰিবলৈ মন কৰা জুবিনৰ নতুন ঠিকনা এতিয়া সৰগ।