/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/biswanath.jpg)
ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া৷ ঘাইকৈ শাসনাধীষ্ঠ গেৰুৱা দলেই মাৰিছে শেষ হাঁহি৷ প্ৰাপ্ত তথ্য অনুসৰি বিশ্বনাথ জিলাৰ ফলাফলৰ শেহতীয়া তথ্য এনেধৰনৰ-
- বৰগাং জিলা পৰিষদৰ গাংমৌথান পঞ্চায়তৰ ৮নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়৷
- বিহমাৰী গাঁও পঞ্চায়ত ৩ টা ৱাৰ্ড বিজেপিৰ দখলত৷
- বিশ্বনাথ জিলা পৰিষদৰ অন্তৰ্গত কুমলীয়া গাও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ৷
- বিজেপি প্ৰাৰ্থী ক্ষেম অধিকাৰীয়ে ২৬০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে।
- বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰী জিলা পৰিষদৰ অন্তৰ্গত মিজিকা গাওঁ পঞ্চায়তৰ ১০ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয়লাভ৷
বিশ্বনাথৰ পাভৈ জিলা পৰিষদৰ পাভৈ গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডত বিজেপিৰ জয়বৰপথাৰ জিলা পৰিষদৰ অন্তৰ্গত চেলাইখাটি গাও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নিমাচ নাৰ্জাৰী আৰু ৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বাচাপি ৰংপিপিৰ জয়লাভ কৰে৷
ইফালে ২ নং ৱাৰ্ডত কংগ্ৰেছৰ কাৰ্তিক খান্দোৱালে জয়লাভ কৰে। বিশ্বনাথৰ ৬ নং চতিয়া গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডত কংগ্ৰেছৰ জয় হয়৷ ইয়াৰ বিপৰীতে বিশ্বনাথৰ পাভৈ পঞ্চায়তৰ ২নং আৰু ৪নং ৱাৰ্ডত বিজেপিৰ জয় হয়৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰী জিলা পৰিষদৰ অন্তৰ্গত মিজিকা গাওঁ পঞ্চায়তৰ ১০ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰে৷
উল্লেখ্য যে, বিহমাৰীৰ ১০ টা ৱাৰ্ডত বিজেপি জিকিল৷ গাংমৌথান আৰু বিহমাৰী গাঁও পঞ্চায়তত বিজেপিৰ নিশ্চিত বিজয় দিশত। গহপুৰ সমষ্টিৰ পূৱ কলাবাৰী, চত্ৰং, গমিৰি, বৰতামুলী গাঁও পঞ্চায়তত বিজেপি জয়ী। চাৰি জিলা পৰিষদত আগবাঢ়ি আছে বিজেপি।