নিশাৰ ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি…

নিশাৰ ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি…
  • দ্ৰুতভাৱে অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য।
  • জিএমচিএইচৰ আইচিইউত শনিবাৰে দুপৰীয়াৰে পৰা অচেতন হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লাইফ চাপোৰ্ট বৃদ্ধি কৰা হৈছে।
  • এইমচৰ বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে বঢ়োৱা হৈছে বিভিন্ন ঔষধৰ মাত্ৰাও।
  • কিয়নো ইতিমধ্যে তেওঁৰ সামূহিক ইন্দ্ৰিয় বিকলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যিটো তেওঁৰ শাৰীৰিক অৱস্থাৰ বাবে উদ্বেগজনক।
  • ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ খবৰ পাই একালৰ গগৈ মন্ত্ৰীসভাৰ কাণ্ডাৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিএমচিএইচত উপস্থিত হৈ তেওঁৰ চিকি..সাৰ বুজ লয়।
  • পিছত মন্ত্ৰী গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থা অতিকে সংকটজনক সেইকথা সংবাদ মাধ্যমৰ আগতো সদৰী কৰে।
  • সাংসদ পুত্ৰ গৌৰৱ গগৈসহ পৰিয়ালৰ লোক সকলো চিকি..সালয়খনত উপস্থিত আছে।
  • তদুপৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুত বৰদলৈ, ৰাজ্যৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত প্ৰমুখ্যে আন বহু জ্যেষ্ঠ প্ৰশাসনীয় মুৰব্বী আৰু ৰাজনৈতিক নেতাও নিশাৰ ভাগত চিকি..সালয়খনত উপস্থিত হৈ গগৈৰ স্বাস্থ্যৰ বুজ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in