/asomiyapratidin/media/media_files/2025/12/14/1-2025-12-14-18-09-56.jpg)
ডিজিটেল সংবাদ, চিৰাং : কোঁচ ৰাজবংশী জনগোষ্ঠীৰ শৌৰ্য-বীৰ্জৰ প্ৰত্বীক নৰনাৰায়ণ-বিশ্ব মহাবীৰ চিলাৰায় শ্ৰীমন্ত শংকৰদেৱৰ নীতি আৰ্দশৰে সমাজখন পৰিচালনা কৰিছিল- এইবুলি উল্লেখ কৰি মহাপুৰুষ শংকৰদেৱৰ নীতি আৰ্দশৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ পালনৰ আজি লাইখুঁটা স্থাপনৰ অতিথি হিচাপে আমন্ত্ৰণ কৰাত উদ্যোক্তা সমিতিক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে বি টি চিৰ পাৰিষদ কৰ্মেশ্বৰ ৰায়ে ।
লাইখুঁটা স্থাপনৰ অন্তত অনুষ্ঠিত এক সভাত এইদৰে তেওঁ কয় । অহা ৩ আৰু ৪ জানুৱাৰীত দুদিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৰূপালী জয়ন্তী বৰ্ষ উৎসৱটি সাফল্য মণ্ডিত কামনা কৰাৰ লগতে এক লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা উক্ত অনুষ্ঠানতে তেওঁ ব্যক্ত কৰে।
অনুষ্ঠানটিত কমতাপুৰ অতোনোমাচ কাউঞ্চিলৰ কাৰ্যবাহী সদস্য পূৰবী সৰকাৰ উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত সকলো প্ৰকাৰ সহযোগিতাৰ আশ্বাস দিয়ে । কোকৰাঝাৰ-চিৰাং জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ জিলা শাখাৰ সভাপতি অশোক কুমাৰ ভকতৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি সমিতিৰ সভাপতি ঠাকুৰ সিং ৰায়ে আগন্তুক কোকৰাঝাৰ-চিৰাং জিলা শাখাৰ ২৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে ৰূপালী জয়ন্তী বৰ্ষটি সকলোৰে সহায়-সহযোগ কামনা কৰি চমু বক্তব্য দাঙি ধৰে ।
বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰমেন চন্দ্ৰ মেধিয়েও অনুষ্ঠানৰ সাফল্য কামনা কৰি বক্তব্য দাঙি ধৰে । যুটীয়া সম্পাদক ৰূপম চন্দ্ৰ ৰায় আৰু শিক্ষক-সমাজকৰ্মী বানেশ্বৰ ৰায়ে আঁতধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী তথা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ অমৃত নাৰায়ণ পাটগিৰি, বিশিষ্ট সমাজকৰ্মী তথা অনুষ্ঠানটিৰ কাৰ্যকৰী সভাপতি, দাতা হিচাপে খ্যাত শম্ভু ৰাজবংশীৰ উপৰি বহুতো বিশিষ্ট গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us