নাগৰিকত্ব আইনৰ বিৰুদ্ধে ডিমাপুৰত অসমীয়া সমাজৰ প্ৰতিবাদ…

নাগৰিকত্ব আইনৰ বিৰুদ্ধে ডিমাপুৰত অসমীয়া সমাজৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
নাগৰিকত্ব আইনৰ বিৰুদ্ধে ডিমাপুৰত অসমীয়া সমাজৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, ডিমাপুৰঃ বহু বিৰ্তকিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিমাপুৰতো অব্যাহত আছে প্ৰতিবাদ। দেওবাৰে ডিমাপুৰত অসমীয়া সমাজে এই আইনখনৰ বাতিলৰ দাবীত ডিমাপুৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপৰ নামঘৰ কেম্পাছত সাব্যস্ত কৰে প্ৰতিবাদ। ডিমাপুৰত বসবাস কৰা অসমৰ প্ৰতিতো প্ৰান্তৰ লোকে এই আইনখনে অসমৰ কৃষ্টি-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব বুলি মতপোষণ কৰে।

ডিমাপুৰৰ নামঘৰ ট্ৰাষ্টৰ সম্পাদক দীপ বৰকটকীয়ে সংবাদমাধ্যমৰ সন্মুখত এই আইনখনৰ বিৰোধিতা কৰি কয়, এই আইনখনক লৈ দেশবাসী চিন্তিত। কৃষ্টি-সংস্কৃতিলৈ ভাবুকি অনাৰ লগতে নাগৰিকত্ব সংশোধনী আইন ভাৰতীয় সংবিধানৰ পৰীপন্থী।' উল্লেখ্য যে, দেওবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী আইন আৰু চৰকাৰ বিৰোধী শ্ল'গানে আকাশ-বতাহ মুখৰ কৰি তোলে।