/asomiyapratidin/media/media_files/2025/12/14/1-2025-12-14-17-40-25.jpg)
ডিজিটেল সংবাদ: অসম নাট্য সন্মিলন কামপীঠ মণ্ডলৰ চতুৰ্দশ দ্বি - বাৰ্ষিক অধিবেশন আৰু কাৰ্বি আংলং জিলা সমিতিৰ দ্বি - বাৰ্ষিক অধিবেশনৰ দিন সাল সলনি। ১৭,১৮,১৯ আৰু ২০ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া অধিবেশন খন ২১,২২,২৩আৰু ২৪ ডিচেম্বৰ পৰা আৰম্ভ হ'ব।
গোলাঘাট জিলাৰ বোকাজান ক্ৰিয়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হব লগীয়া অধিবেশন খনি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বাবে সাল সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম নাট্য সন্মিলনে। কিন্তু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে অধিৱেশনৰ ২২আৰু ২৩ ডিচেম্বৰত পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
উল্লেখযোগ্য যে, ২৪ ডিচেম্বৰত জ্যেষ্ঠ নাগৰিক সকলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হব, য'ত অভিনয় কৰিব অসম বিধাসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us