৩৫৫ বছৰীয়া তিহুলীয়া গোঁসাই উলিওৱা মেলা আৰম্ভ...

আহোম আৰু কোচঁ ৰাজবংশীয় গৌৰৱ উজ্জ্বল ৰাজত্ব কালত সুকীয়া বৈশিষ্ট পৰিপূৰ্ণ কৃষ্টি সংস্কৃতি যথেষ্ঠ প্ৰসাৰ আৰু প্ৰচাৰ ঘটিছিল । আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ গৌৰৱ উজ্বল ৰাজত্বকালৰে পৰা ৰাজ পৃষ্ঠপোষকতাত অনুষ্ঠিত, বাৰপূজীয়া নিজমিকিৰ গাঁৱৰ তিহুলীয়া পৰীয়া "গোঁসাই উলিওৱা" বা "মেলা" উৎসৱ নিৰ্ধাৰিত দিনত উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
৩৫৫ বছৰীয়া তিহুলীয়া গোঁসাই উলিওৱা মেলা আৰম্ভ...

গোঁসাই উলিওৱা মেলা

ডিজিটেল সংবাদ, বেবেজীয়াঃ আহোম আৰু কোচঁ ৰাজবংশীয় গৌৰৱ উজ্জ্বল ৰাজত্ব কালত সুকীয়া বৈশিষ্ট পৰিপূৰ্ণ কৃষ্টি সংস্কৃতি যথেষ্ঠ প্ৰসাৰ আৰু প্ৰচাৰ ঘটিছিল । আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ গৌৰৱ উজ্বল ৰাজত্বকালৰে পৰা ৰাজ পৃষ্ঠপোষকতাত অনুষ্ঠিত, বাৰপূজীয়া নিজমিকিৰ গাঁৱৰ তিহুলীয়া পৰীয়া "গোঁসাই উলিওৱা" বা "মেলা" উৎসৱ নিৰ্ধাৰিত দিনত উদযাপন কৰা হয় ।

Advertisment

উল্লেখ্য যে মিকিৰ ৰাজ্যৰ ৰজা চেতুৱা ৰজাই দামোদৰ আতাৰ অভিলাষ সিদ্ধিৰ বাবে ফল্গু উৎসৱক আধাৰ কৰি ১৬৬৯ খ্ৰীষ্টাব্দ গোসাঁই উলিওৱা উৎসৱৰ পাতনি মেলিছিল ।

লিপিবদ্ধ তথ্য অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা পুনৰ উদ্ধাৰৰ বাবে গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতা আৰু ভাগিনীয়েক দামোদৰ দেৱে আহোম স্বৰ্গদেউ জয়ধজ সিংহৰ অনুমতি লৈ গুৱাহাটীৰ বৰফুকন লাহন সন্দিকৈৰ সহযোগত লুইতেদি উজাই আহি ওখ ঠাই বিচাৰি ইয়াৰ উত্তৰ দিশে কুঁজী সত্ৰত উপস্থিত হয় ।

তেওঁলোকে তাত বিশেষ সুবিধা কৰিব নোৱাৰি দক্ষিণে আহি বাৰপুজীয়াৰ মিকিৰ ৰাজ্যৰ ৰাজধানীত উপস্থিত হৈছিল ।

কান্ধত লৈ গোসাঁই উলিওৱা মেলা
কান্ধত লৈ গোসাঁই উলিওৱা মেলা

তেতিয়া চেতুৱা ৰজাই আহোম ৰজাৰ আজ্ঞামতে আই কনকলতা আৰু দামোদৰ আতাৰ সংস্পৰ্শত মহাপুৰুষ গুৰুজনাৰ শ্ৰদ্বাৰ বাবে ৰাজকীয় সকলো সুবিধা প্ৰদান কৰি হাবি জংঘল কাটি বাট উলিয়াই বৰদোৱা থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰিছিল যে গুৰুজনাই বহুবছৰ আগেয়ে এৰি থৈ যোৱা কীৰ্তন ঘৰটিত জয়ৰাম নামৰ এগৰাকী ভক্তই বন্তি গছি জ্বলাই ৰাখিছে ।

তেতিয়া চেতুৱা ৰজাৰ হস্তক্ষেপতে আই কনকলতাই বৰদোৱা থান উজ্বলাই তোলাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰে । চেতুৱা ৰজাই তেতিয়াৰ পৰা মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ দামোদৰ দেৱক অতিষ্ঠ্য প্ৰদান কৰি কুতুৱ শইকীয়া, চান্তু ফুকন, ৰংগাচিলা ফুকন আদি কেইবাজনো ৰাজ বিষয়াসহ শৰণ গ্ৰহণ কৰে ।

মেলা
মেলা

আতা দামোদৰ দেৱেও ৰজাক উপহাৰ হিচাবে সাতোলা কান্ধত লৈ গোসাঁই উলিওৱা মেলাৰ পাতনি মেলিছিল। উল্লেখ্য যোগ্য যে বৃহস্পতিবাৰে তিহুলীয়া বিলৰ পাৰত অনুষ্ঠিত গোঁসাই উলিওৱা মেলা স্থলিত দিহা নাম, থিয় নাম, জনগোষ্ঠীয় নৃত্যকে ধৰি বিভিন্ন লোকাছাৰ সমূহ উজ্জ্বলি উঠে ।

মেলা
মেলা

Also Read: ঢকুৱাখনাৰ ব্যস্ত ৰাজপথত মৰণ ফাণ্ড ...

বেবেজীয়া গোঁসাই উলিওৱা মেলা