/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-35-34.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীয় লোক সকলক ধৰ্মান্তকৰণৰ পৰা সুৰক্ষা দিয়াৰ লগতে চাওঁতাল সকলৰ পৰম্পৰাগত ধৰ্ম আৰু কলা সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত নিৰন্তৰ ভাবে কাম কৰি অহা "চাওঁতাল সমাজ ৰুকিয়া বাইচি"ৰ আজি ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ পশুবজাৰ খেলপথাৰত কালিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে "চাওঁতাল সমাজ ৰুখিয়া বাইচি" ৰ ১৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। কালিৰ দিনটোত কাৰ্য্যনিৰ্বাহক সভা, প্ৰতিনিধি শিবিৰ মুকলি, প্ৰতিনিধি সভা অনুষ্ঠিত হয় । আজি ৰাতিপুৱা পতাকা উত্তোলন কৰে "চাওঁতাল সমাজ ৰুখিয়া বাইচি" ৰ সভাপতি জেঠা হাসদাই ।
তাৰপিছত চাওঁতাল জনগোষ্ঠীৰ পৰম্পৰাগত পূজ্য দেৱতা মাঝি থান আৰু জাহেৰ থানত সমূহীয়া পূজা অৰ্চনা কৰা হয়। আজিৰ এই বিশেষ পূজা অৰ্চনাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চাওঁতাল জনগোষ্ঠীয় পুৰুষ মহিলা, যুৱক যুৱতী সকলে উপস্থিত থাকি তেওঁলোকৰ পৰম্পৰাগত ধৰ্মীয় পূজা পাৰ্বন অনুষ্ঠানত অংশগ্ৰহণ কৰে। দুপৰীয়া এক বজাত জেঠা হাসদাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।
আজিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসমৰ ক্ষেত্ৰীয় প্ৰচাৰক বশিষ্ট বুজবৰুৱা, আদিবাসী উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাসদা, উপ সভাপতি সুভাষ তিৰ্কী, কাৰ্য্যবাহী সদস্য বিলিয়াম টুডু, কাৰ্য্যবাহী সদস্য মণ্ডল হাসদা আৰু আন এগৰাকী কাৰ্য্যকৰী সদস্য তিৰ্কু টুডু উপস্থিত থাকে।
আজিৰ চাওঁতাল সমাজ ৰুকিয়া বাইচিৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত উপস্থিত থকা সংস্থাৰ সভাপতি জেঠা হাসদাই সংবাদ মাধ্যমৰ আগত সংস্থাৰ উদ্দেশ্য সন্দৰ্ভত কয় যে অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সকলৰ মাজত অতি সহজ সৰল আৰু দাৰিদ্ৰ জনগোষ্ঠী হৈছে চাওঁতাল সকল।
চাওঁতাল সকলৰ এই সহজ সৰলতাৰ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনৰ পৰা এটা চক্ৰই ধৰ্মান্তৰিত কৰাত নামি পৰিছিল। বিভিন্ন সময়ত চক্ৰটোয়ে নানাধৰণৰ লোভ লালসা দেখুৱাৰ উপৰি সুবিধা প্ৰদান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি দুখীয়া দৰিদ্ৰ সহজ সৰল চাওঁতাল সকলক ধৰ্মান্তৰিত কৰি চাওঁতাল জনগোষ্ঠীক নিশ্ছিন্ন কৰাৰ ষড়যন্ত্ৰত নামি পৰা আমি প্ৰত্যক্ষ কৰি আছিলো ।
এই ষড়যন্ত্ৰক প্ৰতিৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০০৬ চনৰ ২৫ ডিচেম্বৰ দিনাই সচেতন চাওঁতাল জনগোষ্ঠীৰ লোকে "চাওঁতাল সমাজ ৰুকিয়া বাইচি" নামৰ সামাজিক সংগঠনৰ জন্ম দিছিল । বিগত ১৯ বছৰ ধৰি এই সংগঠনটোয়ে বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে ইতিমধ্যেই খ্ৰীষ্টান ধৰ্মত ধৰ্মান্তৰিত হোৱা ৭০০ টা চাওঁতাল পৰিয়ালক বুজনি দি পুনৰ স্বধৰ্মলৈ উভতাই আনিবলৈ সক্ষম হৈছে ।
অনাগত দিনতো এই সংগঠনৰ জৰিয়তে চক্ৰান্তমূলক ভাবে ধৰ্মান্তৰিত কৰা আমাৰ চাওঁতাল জনগোষ্ঠীৰ লোক সকলক পুনৰ স্বধৰ্মলৈ উভতাই আনিবলৈ কাম কৰি যাব বুলি মত ব্যক্ত কৰে সংগঠনটোৰ সভাপতি জেঠা হাসদাই।যাৰ কাৰনেই প্ৰতিবছৰে এই সংগঠনটোয়ে ২৫ ডিচেম্বৰ দিনটোতে অসমৰ বিভিন্ন প্ৰান্তত চাওঁতাল অধ্যুষিত এলেকাত স্বধৰ্ম্ম ৰক্ষা আৰু সুৰক্ষিত ৰখাৰ স্বাৰ্থত প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us