প্ৰতীকি ফটো
Published on:
Updated on:
- তেজপুৰত সোমবাৰে নিশা সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড।
- এখন ছুইফট ডিজায়াৰ বাহনৰ ভিতৰতে হানি-খুঁচি হত্যা কৰিলে এজন যুৱকক।
- কলিবাৰীৰ পুৰণি বান থিয়েটাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
- মৃত যুৱকজনৰ নাম হাচনি মুদাচিৰ।
- মৃত যুৱকজনৰ ঘৰ তেজপুৰৰ বাৰিকাচুবুৰীত।
- পৰিবহন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল যুৱকজন।
- মৃতদেহৰ কাষত মুমুৰ্ষ অৱস্থাত আন এজন লোকক উদ্ধাৰ।
- অসুস্থ অমিত মণ্ডল নামৰ যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
- ঘটনাৰ পিছতে কনকলতা অসামৰিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হয়।
- আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in