ফাইল ফটো
Published on :
Updated on :
- বিজেপিৰ পৰা পদত্যাগ কৰিলে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।
- দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে সাংসদজনে।
- তেজপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল বৰ্তমানৰ সাংসদজন।
- তেজপুৰ লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হৈ এই সিদ্ধান্ত লয় তেওঁ।
- ছ'চিয়েল মিডিয়াযোগে দল ত্যাগৰ কথা ঘোষণা কৰে বিজেপি সাংসদগৰাকীয়ে।
- প্ৰাৰ্থিত্বৰ পেনেলত নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ ব্যক্ত কৰে আৰ পি শৰ্মাই।
- কিছুদিন পূৰ্বে 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ'ৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰয়োজনত দল ত্যাগ কৰাৰ কথা কৈছিল তেজপুৰৰ সাংসদজনে।
- ১২ বজাত নতুন দিল্লীত আৰ পি শৰ্মাই সম্বোধন কৰিব সংবাদমেল।
Asomiya Pratidin
www.asomiyapratidin.in