মুকলিকৈ বাসগৃহত স্থাপন অবৈধ কাঠফলা মিল, বন বিভাগে নাজানে ক’ত, কোনে কৰিছে এই কাম..

মুকলিকৈ বাসগৃহত স্থাপন অবৈধ কাঠফলা মিল, বন বিভাগে নাজানে ক’ত, কোনে কৰিছে এই কাম..

ডিজিটেল সংবাদ তেজপুৰঃ অসম চৰকাৰৰ বন বিভাগৰ একাংশ দুৰ্নীতি পৰায়ন বন বিষয়া আৰু কৰ্মচাৰীৰ ছত্ৰছায়াত সুদীৰ্ঘদিন ধৰি তেজপুৰত শিল ,বালিৰ অবাধে চোৰাং ব্যৱসায় চলি আহিছে । এনে সময়তে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড° ধনঞ্জয় পি ঘণাৱটৰ নিৰ্দেশত তেজপুৰ আৰক্ষীয়ে পাঁচমাইলৰ বিহিয়াগাঁও অঞ্চলত বুধবাৰে অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । এই ঘটনাই তেজপুৰ বন বিভাগৰ স্বৰূপটোকে সম্পুৰ্নৰূপে উদঙাই দিছে । 

উল্লেখ্য যে তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত বিহিয়াগাঁৱত বনবিভাগৰ জ্ঞাতসাৰেই সুদীৰ্ঘদিন ধৰি অবৈধ ভাৱে এটা কাঠফলা মিল চলি আহিছিল । এই বিষয়ে বনবিভাগে সকলো অৱগত হোৱাৰ পাছতো ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল । ইয়াৰ পাছতেই বন বিভাগৰ চকুত নপৰা তথা একাংশ দুৰ্নীতিগ্ৰস্থ বনবিষয়াৰ সহযোগত বছৰ বছৰ ধৰি বিহিয়াগাঁৱত ইমৰানৰ হুছেইনৰ বাসগৃহৰ চৌহদত চলি অহা এই অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ ভিত্তিতে স্থানীয় বৰঘাট আৰক্ষী চকীৰ এটা দলে অতৰ্কিতে অভিযান চলায় ।

এই অভিযানৰ সময়তে আৰক্ষীয়ে ইমৰান হুছেইনৰ বাসগৃহৰ চৌহদৰ পৰা এটা কাঠফলা মিল আৰু প্ৰায় দুই ট্ৰাক কাঠ জব্দ কৰি পিছত বন বিভাগত চমজাই দিয়ে । কিন্তু আৰক্ষীৰ এই অভিযানৰ মাজতে কাঠ ব্যৱসায়ী ইমৰানে সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । ইফালে বনবিভাগৰ সহযোগ নোহোৱাকৈ কিদৰে এজন লোকে ঘৰতে কাঠফলা মিল আৰু কাঠৰ ডিপু বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই যাব পাৰে তাক কৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  অভিযোগ মতে চোৰাং কাঠৰ সমান্তৰালকৈ এই অঞ্চলটোত সুদীৰ্ঘদিন ধৰি জীয়াভৰলী নদীৰ বালিক লৈয়ো অবৈধভাৱে ব্যৱসায় চলি আহিছে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in