/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/emm-8.jpg)
ডিজিটেল ডেস্কঃ তেজপুৰৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয় ই এম এমত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত সৃষ্টি হৈছে এই পৰিস্থিতি। ৮ অক্টোবৰ, ২০২১ সোমবাৰে পুৱা চিকিৎসালয়খনত হিমাদ্ৰী মোডক নামৰ মহিলাগৰাকীয়ে জন্ম দিছিল যমজ সন্তান। ইয়াৰ পাছতে চিকিৎসালয়খনত মৃত্যু হয় এটি শিশু।
সদ্যজাত শিশুটিৰ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰে চিকিৎসালয়খন। প্ৰসূতি হিমাদ্ৰী মোডকৰ আত্মীয়ই লণ্ডভণ্ড কৰে চিকিৎসালয়খন। উল্লেখ্য যে তেজপুৰৰ এই ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনত সোমবাৰেই আন এটি শিশুৰো মৃত্যু হয়।