
ডিজিটেল ডেস্কঃ দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰায় চূড়ান্ত হৈছে অসমৰ ১৪টা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ নাম। কিন্তু তেজপুৰ সমষ্টিক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে শনিবাৰে চূড়ান্ত হোৱাৰ পাছতো প্ৰকাশ নকৰিলে প্ৰাৰ্থীৰ নামৰ তালিকা। হিমন্ত বিশ্ব শৰ্মা এই সমষ্টি বা লোকসভা নিৰ্বাচনত কোনো সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা নকৰে। সেয়েহে তেজপুৰ সমষ্টিত তেওঁৰ পছন্দ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিব বিচাৰিছে অশোক ভট্ট ৰায়ক।
অৱশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাব বিচাৰে প্ৰাক্তন ছাত্ৰ নেতা অমিয় ভূঞাক। মুখ্যমন্ত্ৰীৰ যুক্তি- উত্তৰ অসমৰ প্ৰভাৰী হিচাপে তেজপুৰ সমষ্টিত যথেষ্ট ভাল সাংগঠনিক কাম-কাজ কৰি আছে ভূঞাই। পঞ্চায়ত নিৰ্বাচনতো তেওঁ ভাল ফলাফল দলক দিব পাৰিছে বুলি যুক্তি দি ভূঞাক এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাবৰ বাবে হাত উজান দিছে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিৰ্বাচন খেলাৰ পৰিকল্পনা দলীয় শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত বাস্তৱ নোহোৱাত সমষ্টিটোৰ পৰা যিকোনো প্ৰকাৰে অশোক ভট্ট ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে উঠি-পৰি লাগিছে। দেওবাৰে মন্ত্ৰী শৰ্মাই ভট্ট ৰায়ক নতুন দিল্লীলৈ মাতি পঠিওৱা বুলি জানিব পৰা গৈছে।
পুৱা ৮ বজাতে ৰায় ৰাওনা হ'ব নতুন দিল্লীলৈ। ৰায় সন্দৰ্ভত শীৰ্ষ নেতৃত্বক ইতিমধ্যে মন্ত্ৰী শৰ্মাই সকলোখিনি অৱগত কৰিছে। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ যিকোনো প্ৰকাৰে তেওঁৰ লবীত থকা ৰায়ক প্ৰাৰ্থিত্ব দিয়াৰ বাবে হেঁচা দিছে মন্ত্ৰী শৰ্মাই। ইফালে, এই সমষ্টিটোত প্ৰাৰ্থী ৰূপে পুৰণি আৰ এছ এছৰ কৰ্মী তথা বিজেপি নেতা ঋতুবৰণ শৰ্মাৰ নামো উচ্চাৰণ হৈছিল। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভেটা দিছে ঋতুবৰণ শৰ্মাক প্ৰাৰ্থী হোৱাত।
২০১৪চনৰ লোকসভা নিৰ্বাচনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কংগ্ৰেছত থকা সময়ত গুজৰাটৰ পাইপেৰে পানী নহয় মুছলমানৰ তেজ বয় বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ৰাজহুৱা সভাত এই মন্তব্য কৰা তেতিয়াৰ কংগ্ৰেছী বিধায়ক হিমন্ত বিশ্বৰ বিৰুদ্ধে গোচৰ দিছিল ঋতুবৰণ শৰ্মাই। সেই সংঘাত এতিয়াও দূৰ হোৱা নাই। সেয়েহে ঋতুবৰণ শৰ্মাক প্ৰাৰ্থিত্ব ৰূপে নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে তেজপুৰ সমষ্টিৰ বাবে বিজেপিয়ে তিনিজনীয়া এক প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে। এই তালিকাৰ শীৰ্ষত আছে অমিয় ভূঞাৰ নাম। দ্বিতীয় স্থানত অশোক ভট্ট ৰায় আৰু তৃতীয় স্থানত আছে ঋতুবৰণ শৰ্মাৰ নাম। অন্তিম মুহূৰ্তত অমিয় ভূঞা বা অশোক ভট্ট ৰায়ক এই সমষ্টিটোত প্ৰাৰ্থী ৰূপে বিজেপিয়ে প্ৰক্ষেপ কৰিব।