/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/face-15bebc4f-4626-43f0-9f32-c5e9231263c8-1.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ কোৰোনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ মাজতে চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ পাছতো একাংশ ব্যৱসায়ীয়ে তেজপুৰত গুটখা জাতীয় সামগ্ৰীকে ধৰি বিড়ী, চিগাৰেট আৰু পাণ মছলাৰ ব্যৱসায় অবাধে চলাই আহিছে। এইক্ষেত্ৰত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এলেকা তথা তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বৰঘাট অঞ্চলত শোণিতপুৰ জিলাৰ সহকাৰী কমিছণাৰ নম্ৰতা দাসে সোমবাৰে এক অভিযান চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/1be1fdd8-a05f-495e-916e-d8f5db78126d-1-1024x461.jpg)
তেজপুৰ বৰঘাট আৰক্ষীক লগত লৈ সহকাৰী কমিছনাৰ নম্ৰতা দাসে চলোৱা এই অভিযানৰ সময়ত বৰঘাট ব্যৱসায় কেন্দ্ৰৰ কেইবাখনো দোকানৰ পৰা বৃহৎ পৰিমানৰ গুটখা জাতীয় সামগ্ৰীকে ধৰি বিড়ী , চিগাৰেট আৰু পাণ মছলা জব্দ কৰে। উল্লেখ্য যে, এই অভিযানকালত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীও উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/ce9f6aa7-0867-4c0b-8c30-b212f56e1017-1-1024x900.jpg)