/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/tez-hazarika-son-bhupen-hazarikakkaUntitled-2.jpg)
ডিজিটেল ডেস্কঃ ৮ আগষ্টত প্ৰদান কৰা হ'ব ভাৰতৰত্ন। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব দেশৰ এই সৰ্বোচ্চ সন্মান। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰা ভাৰতৰত্ন গ্ৰহণ কৰিব তেওঁৰ পুত্ৰ তেজ হাজৰিকাই।
৬ আগষ্টত আমেৰিকাৰ নিউয়ৰ্কৰ পৰা আহি নতুন দিল্লী পাবহি তেজ হাজৰিকা। পত্নী, পুত্ৰৰ সৈতে এই বঁটা গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব তেওঁ। ৮ আগষ্টত ভাৰতৰত্ন গ্ৰহণ কৰিয়েই ১০ আগষ্টত গুৱাহাটীলৈ আহিব তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়াল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us