কেন্দ্ৰীয় শিক্ষক দিৱস : নাৰায়ণপুৰত ৰাজনৈতিক নেতাৰ ভিৰত হেৰাল ড০সৰ্বপল্লী ৰাধাকৃষ্ণণ…

কেন্দ্ৰীয় শিক্ষক দিৱস : নাৰায়ণপুৰত ৰাজনৈতিক নেতাৰ ভিৰত হেৰাল ড০সৰ্বপল্লী ৰাধাকৃষ্ণণ…

ডিজিটেল সংবাদ নাৰায়ণপুৰ: শিক্ষক দিৱসৰ তোৰণত নাই খোদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ছবি ৷ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা আৰু বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ ছবি ৷ ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিহপুৰীয়া সমষ্টিত ৷

উল্লেখ্য যে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত সমষ্টিটোৰ নিৰ্বাচিত কৃতি শিক্ষকসকলক সন্মান জনোৱাৰ উদ্দেশ্য অহা ৫ চেপ্টেম্বৰত লখিমপুৰ জিলাৰ অগ্ৰনি উচ্চ শিক্ষানুষ্ঠান পঠালিপাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ত সমষ্টিভিত্তিত আয়োজন কৰা হৈছে শিক্ষক দিৱসৰ ৷ সমষ্টিৰ শিক্ষক সমাজক আদৰণি জনাবলৈ ইতিমধ্যে মহাবিদ্যালয় খনৰ মূল প্ৰবেশ পথত নিৰ্মাণ কৰা তোৰণখনত নাই শিক্ষাবিদ,দাৰ্শনিক তথা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ছবি ।

তোৰণখনত স্থান দিয়া হ'ল কেৱল প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰী,মন্ত্ৰী-বিধায়কৰ ছবিকহে। মহান দাৰ্শনিক-পণ্ডিত গৰাকীক এনেদৰে এলাগী কৰাক লৈ ইতিমধ্যে বিহপুৰীয়া সমষ্টিৰ সচেতন মহলত সৰৱ চৰ্চা আৰম্ভ হৈছে৷ মহান অনুষ্ঠানটিক গেৰুৱাকৰণ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি আছুকে ধৰি একাংশই প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে শিক্ষক দিৱসৰ দিনটোত পুৱাৰ ভাগত অনুষ্ঠিত হ'বলগা অন্যান্য কাৰ্যসূচীৰ পিছতে বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ'ব মুকলি সভা । উক্ত সভাখনত অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই । সভাখনত বহু কেইগৰাকী নিৰ্বাচিত কৃতি শিক্ষকৰ উপৰি টেট প্ৰশিক্ষক সকলক সম্বৰ্ধনা জনোৱা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in