বঢ়মপুৰত উত্তপ্ত পৰিস্থিতি, দুজন চৰকাৰী শিক্ষকৰ মাজত প্ৰচণ্ড মাৰপিট

বঢ়মপুৰত উত্তপ্ত পৰিস্থিতি, দুজন চৰকাৰী শিক্ষকৰ মাজত প্ৰচণ্ড মাৰপিট

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত উত্তপ্ত পৰিস্থিতি, দুজন চৰকাৰী শিক্ষকৰ মাজত প্ৰচণ্ড মাৰপিট

ডিজিটেল সংবাদ,বঢ়মপুৰ: নগাঁও জিলাৰ বামুনীৰ এখন শিক্ষানুষ্ঠানত দুই শিক্ষকে সানিলে কালিমা। শিক্ষানুষ্ঠান পৰিণত হ'ল ৰণক্ষেত্ৰলৈ।

Advertisment

বঢ়মপুৰৰ সমীপৱৰ্তী বামুনী মধ্য ইংৰাজী বিদ্যালয়ত দুই শিক্ষকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। তেজেৰে ৰাঙলী হৈ পৰে শিক্ষক। ইয়াক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সহকাৰী শিক্ষক মধুসূদন গুপ্তাই নৱ বৰাক উপৰ্যুপৰি আক্ৰমণৰ অভিযোগ। শিক্ষক নৱ বৰাৰ মুৰত গুৰুতৰ আঘাটৰ চিন স্পষ্ট হৈ পৰিছে। তাৰপাছতে ঘটনা সংঘটিত কৰা অভিযুক্ত শিক্ষকজনক কাৰ্যালয়ত তলা মাৰি আবদ্ধ কৰি থ'লে স্থানীয় ৰাইজে।

দুই শিক্ষকসহ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক ৰাইজৰ অভিযোগৰ ভিত্তিত আটক কৰি পুৰণিগুদাম আৰক্ষী চকীলৈ লৈ যায় উপস্থিত আৰক্ষীৰ এটা দলে। কি কাৰণে এই সংঘাত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Also Read: চৰকাৰৰ অমৃত কালত খিলঞ্জীয়া মহিলাৰ অৰ্ধ নগ্ন প্ৰতিবাদ, শিলসাকো উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি

teache r