ওদালগুৰিত সন্ত্ৰাস সৃষ্টি কৰা ‘লাডেন’ৰ মৃত্যু…

ওদালগুৰিত সন্ত্ৰাস সৃষ্টি কৰা ‘লাডেন’ৰ মৃত্যু…

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তৱৰ্তী ১নং ভোলাটাৰত বুধবাৰে পুৱা এটা পূৰ্ণ বয়স্ক বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলটোত বিগত কেইবা বছৰ ধৰি ঘৰ-দুৱাৰ, বাৰী-বস্তি ভাঙি উপদ্ৰৱ চলাই কেইবাজনো মানুহক আক্ৰমণ কৰি হত্যা কৰা 'লাডেন' ৰূপে খ্যাত বন্যহস্তীটোৰ মৃতদেহ বুধবাৰে পুৱা ৰাইজে খেতিপথাৰত প্ৰত্যক্ষ কৰি স্বস্তিৰ নিঃশ্বাস পেলাই যদিও হাতীটো কি পৰিস্থিতিত মৃত্য হ'ল সেয়া বৰ্তমানো পোহৰলৈ অহা নাই ৷

স্থানীয় ৰাইজে পুৱা বন্যহস্তীৰ মৃতদেহ দেখা পাই ধূপধূনাৰে সেৱা জনায় ৷ অসম চৰকাৰ তথা বিটিচি চৰকাৰ বনবিভাগৰ গাফিলতিৰ বাবে ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতত ওদালগুৰি জিলাত তীব্ৰত্তৰ হৈছে যদিও এই হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in