New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/8674be5d-9cca-44fd-ba33-d92d7b494528.jpg)
- মহানগৰীত তাজ বিভান্তাত উত্তৰ-পূবৰ ১১টা ৰাজনৈতিক দলৰ ঐক্যবদ্ধ বৈঠক।
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অনুষ্ঠিত কৰা হৈছে এই বৈঠক।
- অসম গণ পৰিষদৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠক।
- বৈঠকত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, অতুল বৰা।
- মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ আহ্বানত অনুষ্ঠিত এই বৈঠক।
- সভাত অংশগ্ৰহণ মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ।
- লগতে অংশগ্ৰহণ কৰিছে ত্ৰিপুৰা, অৰুণাচলৰ ৰাজনৈতিক দলৰ বহুকেইজন নেতাই।
- মণিপুৰ, নাগালেণ্ডৰ ৰাজনৈতিক দলৰ নেতাৰো অংশগ্ৰহণ উক্ত বৈঠকত।
- মঙলবাৰৰ এই বৈঠকত অংশগ্ৰহণ কৰা দলসমূহৰ কেইটামান আছিল- নেশ্যনেল পীপলছ পাৰ্টি(এনপিপি), মিজো নেশ্যনেল ফ্ৰন্ট (এমএনএফ), অসম গণ পৰিষদ(অগপ), পীপলছ ডেমক্ৰেটিক ফ্ৰন্ট (পিডিএফ), ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টি(ইউডিপি), হিলছ ষ্টেট পীপলছ ডেম'ক্ৰেটিক পাৰ্টি(এইচএছপিডিপি), ইণ্ডিজেনাছ পীপলছ ফ্ৰন্ট অফ ত্ৰিপুৰা(আইপিএফটি), নাগা পীপলছ ফ্ৰন্ট (এনপিএফ), এনডিপিপি, কেএনএইচএএম আৰু জে ডি(য়ু)।
- নেডাৰ ৬ সহযোগী দল ক্ৰমে অগপ, এনপিপি, এনডিপিপি, জেডিইউ আৰু আইপিএফটি-য়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি একত্ৰিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/40ff20b3-5e2d-4bfb-b7c0-6bbd39b601c6.jpg)
- উক্ত বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সংবাদমাধ্যমৰ আগত এই বিধেয়কখনৰ বিৰোধিতা কৰি কয়-
- 'চৰকাৰে এই বিধেয়কখন গৃহীত কৰাৰ পূৰ্বে উত্তৰ-পূৰ্ববাসীৰ আৱেগ বুজিব লাগে।'
- 'তেওঁলোকৰ আৱেগ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে আহ্বান জনাবলৈ আমি আজি ইয়াত মিলিত হৈছো।'
- 'এই বৈঠকৰ বিষয়ে আমি সকলোকে অৱগত কৰিছো আৰু এই বিধেয়কখনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছো।'
- 'আমিৰ আমাৰ সংকল্পত উত্তৰ-পূববাসীৰ আৱেগ হানি নহ'বলৈ এই বিধেয়কখন বাতিল কৰাৰ কথা উল্লেখ কৰিছো।'
- লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-
- 'আমি কোনো ৰাজনৈতিক ইছ্যুৰ বাবে এই বৈঠকত মিলিত হোৱা নাই।'
- 'আমি মিলিত হৈছো সৰ্বসাধাৰণৰ স্বাৰ্থ আৰু আৱেগ ৰক্ষা আৰু বিধেয়খন বাতিলৰ ইছ্যুৰ বাবেহে।'
- 'আজিৰ এই বিধেয়কখনৰ পাছত কেন্দ্ৰই উত্তৰ-পূববাসীৰ আৱেগক বুজি পাব আৰু এই বিধেয়ক বাতিল কৰিব বুলি আমি আশাবাদী।'
- 'সকলোৱে আগবাঢ়ি আহক আৰু এই বিধেয়খনৰ বিৰুদ্ধে থিয় দিয়ক।'
- 'সংবাদমাধ্যমৰ জৰিয়তে এই বিধেয়কখন বুজিবলৈ আৰু আমাৰ সৈতে থিয় দিবলৈ আহ্বান জনালো।'
- 'আমি সকলোৱে একগোট হৈ এই বিধেয়কৰ বিৰুদ্ধে মাত মতাৰ সময়।'
- 'আমি উত্তৰ-পূবৰ নেতৃত্ব, গতিকে আমাৰ মানুহৰ কথা চিন্তা কৰাতো আমাৰ দায়িত্ব।'
- লগতে কনৰাড ছাংমাই সংকল্পত উল্লেখ থকা দাবী সমূহ সংবাদমাধ্যমৰ জৰিয়তে জনায়-
- বৈঠকখনত অগপ সভাপতি অতুল বৰাই কনৰাড চাংমাক ধন্যবাদ জনাই কয়-
- 'আমি আৰম্ভণিৰে পৰা এই বিধেয়কখন বাতিল কৰাৰ চেষ্টা চলাই আহিছো।'
- 'আমি গৃহ মন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগত মিলিত হৈছিলো এই বিধেয়কখন সন্দৰ্ভত আলোচনা কৰিবলৈ।'
- 'কিন্তু গৃহমন্ত্ৰীৰ পৰা এই বিধেয়কখন যিকোনো প্ৰকাৰে গৃহীত কৰিব বুলি গম পাইছিলো।'
- 'তাৰ পাছতেই আমি মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো।'
- 'আমি সকলোৱে একগোট হৈ এই বিধেয়কৰ বিৰুদ্ধে যুঁজ দিব লাগিব।'
- 'এই বৈঠকত উপস্থিত আৰু বিধেয়কৰ বিৰোধিতা কৰা সকলোকে মই ধন্যবাদ জনাইছো।'
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১১টা ৰাজনৈতিক দলৰ ঐক্যবদ্ধ বৈঠকত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই ক'লে-
- 'আমি এই বিধেয়কখনৰ বিৰুদ্ধে যুঁজিব লাগিব।'
- 'এই বিধেয়কখন আইনত পৰিণত হ'লে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভয়ংকৰ পৰিস্থিতি কঢ়িয়াই আনিব।'
- 'আমি প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ'ম এই বিধেয়কখনৰ সন্দৰ্ভত আলোচনা কৰিবলৈ।'
- 'আমি এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে থিয় দিছো।'
মঙলবাৰৰ