/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/dsf.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: দেওবাৰে মৰিধল মহাবিদ্যালয়ত আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু অসম কলেজ শিক্ষক সংস্থাৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰাম্যঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত সম্ভাৱনা আৰু সমস্যা শীৰ্ষক আলোচনা সভা অনুষ্ঠিত কৰা হয় ৷ আৰম্ভণিতে পুৱা ১০ বজাত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে লখিমপুৰ এল .টি .কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়াই ৷
মৰিধল মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক তথা ধেমাজি ঢকুৱাখনা মণ্ডলৰ সভাপতি ভূপেন গগৈয়ে আতঁধৰা পিছতেই সভাৰ আদৰণি ভাষন দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপেন শইকীয়াই ৷ আদৰণি ভাষনত অধ্যক্ষ ড° শইকীয়াই মহাবিদ্যালয়খনি প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে বিভিন্ন দিশত হোৱা মহাবিদ্যালয়ৰ অগ্ৰগতি সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰে ৷
অনুষ্ঠানটোৰ উদ্ধোধক হিচাপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্তই । শিক্ষা উপদেষ্টা ড° মহন্তই অসমত নতুন শিক্ষা নীতি প্ৰয়োগৰ প্ৰস্ততি সম্পৰ্কে বিষদভাবে আলোচনা আগবঢ়াই এই ক্ষেত্ৰত সক্ৰিয়ভাবে সহযোগিতা কৰি অসমৰ উচ্চ শিক্ষাৰ বিকাশত অৱদান যোগাবলৈ উপস্থিত অধ্যক্ষ আৰু অধ্যাপক সকলক আহৱান জনায় ৷
অনুষ্ঠানত বিশেষ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰবী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই নতুন শিক্ষা নীতিত লিবাৰেল আটৰ্চৰ প্ৰাসংগিকতা বিষয়ে বিষদভাৱে ব্যাখ্যা কৰে ৷ ইয়াৰ উপৰিও আলোচনা সভাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° জিতেন হাজৰিকাই অংশগ্ৰহণ কৰি নতুন শিক্ষা নীতিৰ গাঠঁনি আৰু ইয়াৰ প্ৰয়োগিক দিশ সমূহৰ ওপৰত ব্যাখ্যা কৰে ৷ সভাত অসম কলেজ শিক্ষক সংস্হাৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ বহুকেইগৰাকী অধ্যক্ষ আৰু প্ৰায় তিনি শতাধিক অধ্যাপক – অধ্যাপিকাই অংশগ্ৰহণ কৰে ৷সভাৰ শেষত অসম কলেজ শিক্ষক সংস্হাৰ ধেমাজি ঢকুৱাখনা মণ্ডলৰ সম্পাদক ড° বসন্ত মঙ্গল দত্তই ধন্যবাদ সমূহক বক্তব্য আগবঢ়ায় ।
আৰু পঢ়ক; কলকাতাৰ আন্তৰ্জাতিক কবি সন্মিলনত সন্মানিত নগাঁৱৰ হৰ্ষিতা হিয়া