জামুগুৰিহাটত সাতোৰ প্ৰশিক্ষণ শিবিৰ

জামুগুৰিহাটত সাতোৰ প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সাতোৰ প্ৰশিক্ষণ সন্থাৰ উদ্যোগত জামুগুৰিহাটৰ কুসুমটোলাস্থ অমৃতোপম বিদ্যালয়ৰ সাতোৰ কেন্দ্ৰত অনুষ্ঠিত হৈ আছে সাতোৰ প্ৰশিক্ষণ শিবিৰ। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত দক্ষ সাতোৰবিদ সৃষ্টিৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ শিবিৰত আঞ্চলটোৰ বহুতো কিশোৰ কিশোৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

পুৱা আৰু বিয়লিৰ ভাগত যোৱা মে'ৰ মাহৰ পৰাই সাতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কিশোৰ কিশোৰীসকলৰ অভিভাৱক সকলেও এই প্ৰশিক্ষণ শিবিৰৰ দ্বাৰা নিজৰ সন্তান উপকৃত হোৱা বুলি মন্তব্য কৰিছে।উল্লেখ্য যে নদুৱাৰ সাতোৰ সন্হাৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ সাতোৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হৈছে।

জামুগুৰিহাটত সাতোৰ প্ৰশিক্ষণ শিবিৰ
'ইণ্ডিয়া' নহয়! মোডী চৰকাৰে সলনি কৰিলে আমাৰ দেশৰ নাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in