"জুবিন গাৰ্গৰ মেনেজাৰে ছোৱালী আৰ্টিষ্টক ৰাস্তাত পৰি থকা সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে" সহযোগী কণ্ঠশিল্পীৰ বিস্ফোৰক অভিযোগ...

জুবিন দাই কৈয়ে থাকে শ্যামকানুৱে আৰ্টিষ্টক শুহি খায়। নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত প্ৰাপ্য ধন নিদিয়ে। জুবিন দাই সেয়ে ৰঙালীত জানি বুজিয়েই খেলিমেলি কৰিছিল....

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-23 at 8.33.35 AM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যঘন নাটক। উত্থাপন হৈছে ইটোৰ পাছত আনটো আভিযোগ। অভিযোগ আৰু সন্দেহৰ ভিত্তিত ৰাইজে যি বিচাৰিছে তাকেই কৰি গৈছে চৰকাৰে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসৰ ভিডিঅ'। সোমবাৰে নিশা সমগ্ৰ ঘটনা তথা জুবিনৰ মেনেজাৰ সন্দৰ্ভত কেবাটাও চাঞ্চল্যকৰ মন্তব্য কৰিছে ছুইটীয়ে। ভিডিঅ'ত তেওঁ কয়, "শ্যামকানু মহন্তই আৰ্টিষ্টক শুহি-শুহি খায়। জুবিন গাৰ্গেও শ্যামকানু মহন্তক বেয়া পায়। নৰ্থ-ইষ্টৰ আৰ্টিষ্টক প্লেটফ’ৰ্ম দি নিজে উপাৰ্জন কৰি আছে। জুবিন দাই কৈয়ে থাকে শ্যামকানুৱে আৰ্টিষ্টক শুহি খায়। নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত প্ৰাপ্য ধন নিদিয়ে। জুবিন দাই সেয়ে ৰঙালীত জানি বুজিয়েই খেলিমেলি কৰিছিল।"

তেওঁ লগতে কয় যে, "ৰঙালীত যেতিয়া দিনত ছাউণ্ড চেক কৰিবলৈ গৈছিলো, তেতিয়াই ভাবিছিলো আজি যদি অনুষ্ঠান জুবিন গাৰ্গে কৰে, তেন্তে বহুত খেলি-মেলি হ’ব। তাৰ আগতেই জুবিন দাই কৈছিল, এইবাৰ শ্যামকানুক দি আছো। খং উঠিলে জুবিন দাই উদ্ভণ্ডালি কৰেই। সেয়ে গেটত গোৰ মাৰি আহিছিল। পিছদিন আকৌ জুবিন দা ৰঙালীলৈ গৈছিল কাৰণ তেওঁৰ ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ কিছু কাম আছিল। আৰু তেওঁৰ ইমেজৰো কথা আছিল। তাৰ পিছতে এটা গান গাই আহিছিল।"

ছুইটীয়ে আৰু কয়, " সিদ্ধাৰ্থ শৰ্মা আগৰে পৰা অভদ্ৰ মানুহ। আমাৰ লগত আগৰে পৰা অভদ্ৰামি কৰে। পেলনীয়া বস্তুৰ নিচিনাকৈ আমাক ট্ৰীট কৰে। ছোৱালী আৰ্টিষ্টক আগৰ পৰাই ৰাস্তাত পৰি থকা সামগ্ৰী টাইপ ব্যৱহাৰ কৰে। সিদ্ধাৰ্থই চিধাই কয় মই কেৱল জুবিন গাৰ্গক চিনি পাওঁ নিজৰটো নিজেই চাবি। সিদ্ধাৰ্থ শৰ্মা আগৰ পৰাই বিফল মেনেজাৰ। আমাক জুবিন গাৰ্গে মেনেজ কৰিছিল।’’

এনে কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰি সহ কন্ঠশিল্পী ছুইটীয়ে এটা ভিডিঅ’ তেওঁৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যি ইতিমধ্যে ব্যাপক হাৰত চৰ্চিত হৈ পৰাই নহয়, বিভিন্নজনৰ সহাৰিও লাভ কৰিছে। 

শ্যামকানু মহন্ত জুবিন গাৰ্গ